Uncategorized

অগপ নেতা তথা বৃহত্তৰ লতিবাৰী অঞ্চলৰ সমাজকৰ্মী বৰুণ কলিতাৰ দেহাৱসান

অগপ নেতা তথা বৃহত্তৰ লতিবাৰী অঞ্চলৰ সমাজকৰ্মী বৰুণ কলিতাৰ দেহাৱসান

দুৰ্নীতিৰ দৰ্পন সেৱা, বাক্সা তামুলপুৰ , 23 মে : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ দোৱামখা গাঁও নিবাসী বৰুণ কলিতাৰ আজি পুৱা প্রায় ১০-৩০ বজাত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কলিতাই শাৰীৰিক ভাবে অসুস্থ হৈ আছিল। কলিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গাঁওবাসীৰ লগতে বৃহত্তৰ লতিবাৰী আৰু নাগ্ৰীজুলি অঞ্চলৰ অসংখ্য লোক আৰু গুণমুগ্ধ তেখেতৰ বাসগৃহত গৈ উপস্থিত হয় আৰু মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অঞ্চলটোৰ এগৰাকী দক্ষ খেলুৱৈ হিচাপে পৰিচিত বৰুণ কলিতা মৃত্যুৰ আগলৈকে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত বিশেষ ভাৱে জড়িত আছিল। ইয়াৰ উপৰিও মৃত কলিতা অসম গণ পৰিষদ দলৰ তামুলপুৰ সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যকাৰী (কাৰ্যবাহী) সদস্য, তামুলপুৰ জিলা অসম গণ পৰিষদৰ বৰ্তমানৰ উপদেষ্টা আছিল। কলিতাৰ মৃত্যুৱে বৃহত্তৰ লতিবাৰী আৰু নাগ্ৰীজুলি অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়। কলিতাৰ মৃত্যুত নাগ্ৰীজুলি, লতিবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান আৰু প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ উপৰিও শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে। তামুলপুৰ জিলা অগপ, তামুলপুৰ জিলা অগপৰ জেষ্ঠ্য নেতা দুলাল দাসেও কলিতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close