অনুকৃতি মুলক বৃন্দাবনী বস্ত্ৰৰ বয়নৰ শুভউদ্ধোধন; বৃন্দাবনীবস্ত্ৰ বিদেশৰ পৰা ঘুৰাই অনাৰ চেষ্টা চৰকাৰৰ -মুখ্যমন্ত্ৰী

0
349

অনুকৃতি মুলক বৃন্দাবনী বস্ত্ৰৰ বয়নৰ শুভউদ্ধোধন; বৃন্দাবনীবস্ত্ৰ বিদেশৰ পৰা ঘুৰাই অনাৰ চেষ্টা চৰকাৰৰ -মুখ্যমন্ত্ৰী

দুৰ্নীতিৰ দৰ্পণ সেৱা , দক্ষিণ পাট সত্ৰৰ পৰা কল্পজিৎ শইকীয়া ,মাজুলী, ৭ জুলাইঃ
আজি মাজুলী ৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰৰ বয়ন নালৰ শুভউদ্ধোধন কৰি অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উপস্থিত ৰাইজ ভকত বৈষ্ণৱ সত্ৰাধিকাৰক উদ্দেশ্যি দিয়া ভাষনত কয় যেগুৰু ভক্তিৰ যোগেদি অসাধ্য সাধন কৰিব পাৰিব ৷ অসম চৰকাৰৰ তৰফৰ পৰা বৃন্দাবনী বস্ত্ৰ ঘুৰাই অনাৰ চেষ্টা কৰি থকা হৈছে ৷ ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৃন্দাবনী বস্ত্ৰ বয়ন কাৰ্যসুচীৰ আজি অন্তিম দিনত দক্ষিণ সত্ৰৰ প্ৰংগনত প্ৰতিস্থা হোৱা গুৰু আসন আগত লৈ সত্ৰৰ বৈষ্ণৱ আৰু স্থানীয় লোকে অনুষ্ঠিত কৰা নাম প্ৰসংগৰ পিছতে দুপৰীয়া অনুষ্ঠিত হোৱা বয়ন শালৰ উদ্ধোধনী অনুষ্ঠাত উপস্থিত থাকে ক্ৰমে ৰাষ্টীয় স্বযংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা, সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ ডম্বোৰুধৰ নাথ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুৰিন্দন ঠাকুৰ, অভিনেতা তথা বিন্দাবনী বস্ত্ৰ প্ৰস্তুত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰাঞ্জল শইকীয়া , অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰোমোন্নয়ন, সাস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, অসম চৰকাৰৰ মিন বিভাগৰ অধ্যক্ষ, বিধায়ক ৰমাকান্ত দেউৰী, উজনি অসমৰ আয়ুক্ত জুলি সোনোৱাল, প্ৰাগনিউজৰ স্বত্বাধীকাৰ সঞ্জীৱ নাৰায়নৰ লগতে মাজুলীৰ প্ৰায় সমূহ সত্ৰৰ সত্ৰাধীকাৰ উপস্থিত থাকে ৷ আধ্যাত্মিক যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি মন ৰাজগুৰু আৰু শিল্পী প্ৰকাশ বৰপুজাৰিয়ে আঁতধৰা অনুষ্ঠানত আৰ এছ এছৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱাই অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ বিপদাপন্ন হোৱাৰ এই সময়ত অসমৰ বৃহৎ অনুষ্ঠান সত্ৰ মহাসভা, শংকৰ সংঘ, অসমৰ সমুহ সত্ৰৰ সত্ৰাধীকাৰ, সকল, জাতীয় সংগঠন সমূহক একতৃত্ব হৈ এখন মঞ্চৰ পৰা যুজিবলৈ আহ্বন জনাই ৷ অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তোতি সমিতিৰ মূখ্য যুতিয়া সম্পাদক মন ৰাজগুৰুৱে শংকৰদেৱক অসমীয়া জাতীয় জীৱনৰ ব্যক্তি বুলি মন্তব্য কৰে ৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে অসমৰ নৱ প্ৰজত্মক গুৰুজনাৰ দৃষ্টিৰে পৰিচয় কৰাই দিয়াৰ স্বাৰ্থত সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিও অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰখন জাতীয় জীৱনলৈ থৈ যাব বুলি মন্তব্য কৰে ৷ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অনুকৃতমুলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাত অসম সাহিত্য সভা যোগাত্মক দিশত সদায় লগত থাকিব বুলি মন্তব্য কৰে ৷ এই অনুষ্ঠানততে অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰ বয়নৰ বাবে অনা ‘মাইনা অটমেটিক তাঁত শাল আৰ্হিট নিৰ্মান কৰা শিৱসাগৰৰ ভূঞা ইণ্ডাষ্ট্ৰিৰ বৃহৎ তাঁতশালখন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী গৰীকীয়ে ৷ আজি অনুষ্ঠিত এই সভাতে সত্ৰখনৰ বৰভঁৰালনামৰ ভগ্নপ্ৰায় যাদুগৃহটোত সংৰক্ষিত ঐতিহাসিক সম্পদসমুহ সংৰক্ষণৰ বাবে তিনিকোটি টকাৰে এটি যাদুঘৰৰ আধাৰ শিলা স্থাপন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সভাত মন্ত্ৰী নৱ কুমাৰ দলেও উপস্থিত থাকে ৷
অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ অন্যতম চিন্তক একালৰ অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন যুৱ তীৰ্থৰ কাৰ্যকৰী সভাপতি ড০ আলেক্ষ্য বৰুৱাই জানিবলৈ দিয়া মতে ১৮০ ফুট দীঘল আৰু ৯০ ফুট বহল বৃন্দাবনী বস্ত্ৰখন তাঁতশাল ছটা খণ্ডত বোৱা হব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here