Uncategorizedঅসম

অভয়াপুৰী কুশবাৰীত নেলী গণহত্যাৰ প্ৰতিবাদ , ক’লা বেশ পৰিধান কৰি উত্তৰ শালমাৰা জিলা আমছুৰ প্ৰতিবাদী সভা

অভয়াপুৰী কুশবাৰীত নেলী গণহত্যাৰ প্ৰতিবাদ , ক’লা বেশ পৰিধান কৰি উত্তৰ শালমাৰা জিলা আমছুৰ প্ৰতিবাদী সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , যোগীঘোপাৰ পৰা ৰাফিকুল ইছলাম :১৮ ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰী কুশবাৰী বজাৰত উত্তৰ শালমাৰা জিলা আমছুৰ উদ্যোগত আৰু মেৰেৰচৰ আঞ্চলিক আমছুৰ সহযোগত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলী,গহপুৰ, নাগাবান্ধা ,চাউল খোৱা আদি অঞ্চলত চৰকাৰী হিচাপত ১৮১৯ জন(বেচৰকাৰী হিচাপত ইয়াতকৈ বহুত বেছি ) নিৰীহ সংখ্যালঘু বেছি সংখ্যক মহিলা আৰু শিশুক দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল ।উক্ত জঘন্য হত্যাকাণ্ডৰ তদন্ত কৰাৰ কাৰণে চৰকাৰে গঠন কৰি দিয়া তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি বছৰৰ পিছত বছৰ ন্যায়ৰ আশাৰে বাট চাই থকা উক্ত বৰ্ব্বৰ জঘন্য হত্যাকাণ্ডত আপোনজন হেৰুৱা ভুক্তভোগী পৰিয়ালৰ ন্যায় আৰু ক্ষতিপূৰণৰ দাবীত কলা বেশ পৰিধান কৰি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে বুলি উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামে জানিবলৈ দিয়ে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close