Uncategorized

অসমীয়া ভাষাক লৈ কৰা প্ৰহসন কোনো নতুন অধ্যায় নহয়

অসমীয়া ভাষাক লৈ কৰা প্ৰহসন কোনো নতুন অধ্যায় নহয়

     জীৎ কৈলাশ নাথ , নগাঁও

সৌ তাহানিতে বৃটিছৰ অনুগত্য প্ৰকাশ কৰা কেইজনমান বংগীয় লোক বৃটিছৰ লগত অসমলৈ আহি জনাইছিল যে আচলতে অসমীয়া নামৰ কোনো ভাষাই নাই, অসমীয়া ভাষাটো বাংলাৰে এটা কঠিত ৰূপ।গতিকে ইয়াক বৰ্জন কৰি শুদ্ধ বাংলা ভাষাটো প্ৰচলন কৰিব লাগে।সেইমৰ্মেই ১৮৩৭ চনত অসমত বাংলাভাষা স্কুল আৰু অফিচ-আদালতত প্ৰচলন কৰা হৈছিল।সেইসময়ত অসমীয়া লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল।তাৰে ভিতৰত অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন; তেওঁ কৈছিল যে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিব নাপালে শিশুৱে প্ৰকৃত জ্ঞান লভিবলৈ সক্ষম নহয় আৰু জ্ঞানৰ বিস্তাৰ নহয়।সেয়ে অসমীয়া ভাষাৰ স্বকীয়তা আৰু মৰ্যদা ৰক্ষা কৰি সন্মানীয় আখনত বহুৱাবলৈ স্কুল আৰু অফিচ-কাছাৰীৰ ভাষা-মাধ্যম হিচাপে প্ৰতিস্থাৰ বাবে তেওঁ আৰম্ভ কৰা আন্দোলনে পিচলৈ অসমত সাংস্কৃতিক নৱজাগৰণৰ ৰূপ দিছিল।তেওঁৰ জীৱনকালত নহলেও ১৮৭৩ চনৰ ৯ এপ্ৰিলত বৃটিছ চৰকাৰে অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যম আৰু অফিচ-আদালতৰ ভাষাৰূপে প্ৰয়োগৰ সিদ্ধান্ত লয়।
(সংগ্ৰহ:বুৰঞ্জী)
এইক্ষেত্ৰত আমেৰিকন বেপ্তিষ্ট মিচনাৰী সকলৰ অবদানো উল্লেখনীয় (বহুলোকে বৃটিছ মিচনাৰী বুলি কব খোজে যদিও প্ৰকৃততে আমেৰিকান মিচনাৰীহে)।আমেৰিকাৰ এই মিশ্যনেই ১৮৪৬ চনৰ জানুৱাৰী মাহত ‘অৰোণোদয়’ চপা কৰি উলিয়াইছিল।হয়তো ভাষাৰ অস্তিত্বৰ সংকটৰ কথা চিন্তা কৰিয়ে ১৮৮৮ চনত কলিকতাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰিবলগীয়া পৰিস্থিতি হৈছিল।
ইয়াৰ পিছত পুনৰ আহিল ১৯৬০ চনৰপৰা ১৯৭২ চনৰ ভিতৰত হোৱা ভাষা আন্দোলন।পুনৰ মাতৃভাষাৰ অস্তিত্ব ৰক্ষাৰ সময় আহিল।অসমীয়া জাতিয়ে মাতৃভাষাটো সুৰক্ষা কৰিবলৈ পুনৰ আন্দোলন কৰিবলগীয়া হ’ল।ভাষাৰ বাবেই হোজাইত চহিদ হ’ল অনিল বড়া।পৰিতাপৰ বিষয় এইটোৱেই যে বৰ্তমান সেই হোজাইখনৰেই গৰিষ্ঠসংখ্যক লোক বাংলাভাষী।
এইবাৰ পুনৰ অসমীয়া ভাষাক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। “চলো পাল্টাই ২০২১” নামৰ এক মিশ্যণ আৰম্ভ কৰিবলৈ আগবাঢ়িছে তথাকথিত তিনিজন বঙালী বুদ্ধিজীৱী ক্ৰমে গৰ্গ চেতাৰ্জী,শান্তনু মুখাৰ্জী আৰু চন্দন চেতাৰ্জীয়ে।এই তিনিজন কু বুদ্ধিজীৱীয়ে “চলো পাল্টাই -২০২১” শ্ল’গান ৰাজহুৱা কৰি ২০২১ চনত অসমৰ বঙালীসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈ থাকিবৰ বাবে আহ্বান জনাইছে।উল্লেখযোগ্য যে ইয়াৰে শান্তনু মুখাৰ্জী আৰু চন্দন চেতাৰ্জী হৈছে অসমীয়া বঙালী।গৰ্গ চেতাৰ্জীৰ সৈতে মিলি এওঁলোকে দিল্লীত অসমীয়া ভাষাক হত্যাৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছে তলে তলে।ইয়াৰ আৰত আছে এক গোপন উদ্দেশ্য, সাম্প্ৰদায়িক সংঘৰ্ষৰ উদ্দেশ্য।অৱশ্যে অসমত বসবাস কৰা বেংগলী লোকসকলে তেওঁলোকৰ এই কাৰ্যক বিৰোধ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।এই শান্তি সম্প্ৰতি আৰু একতাৰ ডোলেৰে বান্ধ খাই থকা অসমখনত মাজে মাজে সুবোধ বিশ্বাসহঁতৰ দৰে বাহিৰাগত অপশক্তিৰ আগমন হোৱাটো নতুন কথা নহয়।যদি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহ অসমীয়াই নিজকে অসমীয়া বুলি পৰিচয় দিয়ে তেনেহলে বাহিৰা শক্তিয়ে আমাৰ মাজত বিভাজন ঘটাব নোৱাৰে।
এতিয়া প্ৰশ্ন হয়,খিলঞ্জীয়া লোকসকল ২০২১ চনৰ সেই ভয়ংকৰ দিনটোৰ বাবে সাজুনে?খিলঞ্জীয়াৰ বাহিৰে বাকী লোকসকলে লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিবনে?নে আমি আমাৰ মাতৃভাষাটো বিসৰ্জন দিব লাগিব?ইয়াৰবাবে আমি অপেক্ষা কৰিব লাগিব ২০২১ চনলৈ।

Show More

2 Comments

  1. I actually wanted to make a remark to appreciate you for these marvelous techniques you are sharing at this website. My rather long internet look up has at the end of the day been compensated with awesome suggestions to write about with my great friends. I ‘d mention that many of us visitors are extremely blessed to live in a wonderful community with so many special professionals with useful things. I feel pretty fortunate to have discovered your entire website and look forward to really more brilliant moments reading here. Thank you once again for a lot of things.

  2. I’m also commenting to let you be aware of of the notable experience our princess gained visiting your site. She mastered a wide variety of things, with the inclusion of what it’s like to possess an excellent coaching style to get men and women easily thoroughly grasp some tricky matters. You truly surpassed people’s expectations. Thank you for distributing such informative, dependable, educational and also cool tips about this topic to Evelyn.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close