Uncategorized

অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখীৰ তিনিদিনীয়া ভ্ৰমণ সূচিৰে ধুবুৰিলৈ পদাৰ্পণ

অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখীৰ তিনিদিনীয়া ভ্ৰমণ সূচিৰে ধুবুৰিলৈ পদাৰ্পণ

অবিভক্ত জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নিজকে চাফা কৰি পাৰফিউম লগোৱাত ব্যস্ত

বাৰ্তা সম্পাদক, দুৰ্নীতিৰ দৰ্পণ , ৫ ছেপ্টেম্বৰ:
যোৱা কালি ৩০ বিছনাযুক্ত মানকাচৰৰ একমাত্ৰ চিএইচচিলৈ গৈছিলো । একেবাৰে পৰিস্কাৰ, ক্লিন । ভাল লাগিল দেখি । এজনক মাতি কাৰণটো প্ৰশ্ন কৰাত জনালে যে , গভৰ্ণৰ আহিব । একেদিনাই সন্ধিয়া এটা পাৰ্টিত মানকাচৰ কলেজৰ এদল ছাত্ৰক লগ পাইছিলো । জনালে তাতো একে অৱস্হা । অবিভক্ত জিলাখনত থকা আমাৰ সহযোগী সকলেও হঠাতে তেওলোকৰ অঞ্চলত থকা প্ৰতিষ্ঠান সমূহৰ চকুত লগা চাপ চিকুনতা এটা পৰিলক্ষিত হৈছে বুলি আমাক জনাইছে । এনেও মানকাচৰ চিকিৎসালয় আৰু মানকাচৰ কলেজ ভালেখিনি পৰিস্কাৰ । ওপৰঞ্চি যত্ন লোৱাত আৰু বেছি ধুনীয়া দেখা গৈছে মানকাচৰ কলেজ ।ধুনীয়া এক আৰাধনা স্হল । আজিৰ ৰুপ পাঁওতে বহু সময় লাগিছে । বহুতৰে অনেক শ্ৰম,কষ্ট,ষ্মৃতি, ভালপোৱা নিহিত হৈ আছে ইয়াৰ লগত । সেইসকল নিশ্চয় ধন্যবাদৰ যোগ্য , যিসকলৰ কষ্ট,শ্ৰম,ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠানটোৱে আজিৰ পৰ্যায় পাইছে । এই ছেগতে কিছু ব্যক্তিৰ বিষয়ে উল্লেখ কৰা প্ৰয়োজন , যিসকলৰ বৰ্তমান কৰ্মকান্ডই (ত্যাগ) কলেজ খনৰ শ্ৰীবৃদ্ধিত বিশেষ ভাবে অৰিহণা যোগাই আহিছে । কলেজৰ ইতিহাসত এওলোকৰ নাম সদায় ষ্মৰণীয় হৈ থাকিব । চাৰিজন পিএইচডি শিক্ষক-শিক্ষয়িত্ৰী । যিসকলৰ আৰ্জিত জ্ঞান-ডিগ্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মনত গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হৈছে । ভাল পঢ়ায়, জ্ঞানৰ ভান্ডাৰ । ইয়াৰ ভিতৰত উল্লেখ যোগ্য হৈছে , কলেজ খনৰ অধ্যক্ষ ড০ আবেদ আলি । সম্ৰাট ছাহজাহান বিভিন্ন নিৰ্মাণৰ বাবে যেনেদৰে বিখ্যাত , বিশেষকৈ তাৰ অপৰুপ তাজমহলৰ নিৰ্মাণৰ বাবে । মানকাচৰ কলেজ খনো সুন্দৰকৈ, দেখনীয়াৰ ৰুপে নিৰ্মাণৰ সৃষ্টিৰ মুল মানুহজন হ’ল # অধ্যক্ষ ড০ আবেদ আলি ।
এওৰ দিনতে ইউজিচিৰ অনুদানেৰে ১ কোটি টকীয়া ডিজিটেল লাইব্ৰেৰী , ৫০ লাখৰ কম্পিউটাৰ চেন্টাৰ, ২৫ লাখৰ বাস্কেট বল গ্ৰাউন্ড, ৮ লাখৰ ১২ টা বিশেষ ছোলাৰ ইউনিট, কেবা কোটি টকীয়া বিল্ডিং ভৱন, গাৰ্ডেন ইত্যাদিৰ নিৰ্মাণ হৈছে বুলি ছাত্ৰ সকলে জানিব দিছে । অধ্যক্ষৰ অমৰ নিৰ্মাণ ২৫ লাখ টকীয়া সোণৰ নিৰ্মিত বাস্কেট বল গ্ৰাউন্ড আৰু বিশেষ প্ৰযুক্তিৰে নিৰ্মিত ৮ লাখ টকীয়া ছোলাৰ পেনেল কেইটা এইবাৰ মাননীয় ৰাজ্যপাল জগদীশ মুখীয়ে দৰ্শন কৰাৰ সম্ভাবনা ব্যক্ত কৰিছে ছাত্ৰ সকলে ৷ চান্দুজামান,সভাপতি, জিবি মানকাচৰ কলেজ । অধ্যক্ষক সৰ্বোত প্ৰকাৰে সহায় সহযোগ আগবঢ়োৱা ব্যক্তি । প্ৰাক্তন বিধায়ক জাবেদ ইছলাম । কলেজৰ প্ৰত্যেক কাৰ্য প্ৰনালীতে চকু ৰখাৰ লগতে অধ্যক্ষ জনক প্ৰেৰণা যোগোৱা এজন মহান নেতা । প্ৰতিষ্ঠানটোৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে এই সকলৰ নাম ৰাজ্যপালৰ পুৰস্কাৰৰ বাবে মনোনীত হ’ব লাগে ৷ এই লেখাত আৰু দুই এজন বিশেষ ব্যক্তিত্বক সামৰি ল’ব নোৱাৰিলো । তাৰ বাবে ক্ষমা প্ৰাৰ্থী । মানকাচৰ কলেজৰ ইতিহাসত নিশ্চয় এই সকল মহান ব্যক্তিক নায়ক হিচাপে মনত ৰাখিব ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close