Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

অসম-অৰুনাচল সীমান্তৱৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন

অসম-অৰুনাচল সীমান্তৱৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, তেজপুৰৰ পৰা মনিমালা বৰা , ১৪ মে’: শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শ গাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন । তিনিদিনীয়াকৈ উদযাপন কৰা গাওঁখনৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে কোছ নৃত্য, বড়ো নৃত্য , বিহুনৃত্য, গোপী নৃত্য, কৃষ্ণ নৃত্য , সত্ৰীয়া নৃত্য আদিকে কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতে চপালগা গাওঁৰ আকাশ বতাহ মুখৰিত কৰি তোলে । উল্লেখ্য যে , ৫০১ গৰাকী জনসংখ্যাৰ চপালগা গাওঁখন বৃটিছৰ আমোলতে গঢ় লৈ উঠা এখন বনগাওঁ । উক্ত শতবাৰ্ষিকী অনুষ্ঠানত শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close