তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা

0
21

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া,৩ মেঃ তিনিচুকীয়া আৰক্ষী আৰু মাকুম আৰক্ষীৰ সহযোগত আটক কৰিলে ১৩ জনকৈ ডকাইতক । শুকুৰবাৰে দিন-দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছিল তিনিচুকীয়া চলিহা নগৰ নিৰ্বাসি বিকাশ আগৰৱালাৰ বাসগৃহত । বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চলিহা নগৰ অঞ্চলত কেইদিন মান আগতে দিন দুপুৰতে ডকাইতি কাণ্ড সংঘটিত কৰা বৃহৎ ডকাইতৰ দল এটা তিনিচুকীয়া আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ক’লা ৰঙৰ স্কৰ্পিয় গাড়ীত অহা চাৰিজনীয়া ডকাইতৰ দল এটাই হাতত চোকা অস্ত্ৰ আৰু পিস্তল লৈ আক্ৰমণ কৰিছিল চলিহা নগৰৰ নিবাসী বিকাশ আগৰৱাল নামৰ এগৰাকী ব্যাৱসায়ীৰ ঘৰত । ডকাইতৰ দলটোৱে আন বস্তু নিব নোৱাৰিলে যদিও চাৰিটাকৈ মোবাইল ফোন কাঢ়ি লৈ গৈছিল । ডকাইতৰ দলটিয়ে মহিলা সকলক শাৰীৰিক ভাবে আক্ৰমণ চলাইছিল । ঘৰৰ মহিলা সকলে চিঞৰ বাখৰ আৰম্ভ কৰাত ডকাইতৰ দলটিয়ে পলায় যায় আৰু ঘটনাৰ কিছু দৃশ্য কাষৰ ঘৰৰ CCTV কেমেৰাত আবদ্ধ হৈছিল । আৰক্ষীয়ে অতি তৎপৰতাৰে দেওবাৰে আটক কৰিবলৈ সক্ষম হৈছিল ৮ টা ডকাইতক । ডকাইত কেইটা হৈছে, লক্ষী খাউণ্ড , দিতুল দাস,কেশৱ গগৈ,ভাস্কৰ গগৈ,মানস প্ৰতিম গগৈ,প্ৰাঞ্জল গগৈ , সঞ্জু গুপ্তা , চন্দন চুৰিৱেল । সোমবাৰে পুৱা পুনৰ তিনিচুকীয়া আৰু মাকুম আৰক্ষীয়ে অভিযান চলাই মাকুম ৰিজাৰ্ভ পট্টিৰ পৰা ডকাইতৰ সময়ত ব্যৱহাৰ কৰা কোলা ৰঙৰ AS-01-AX-2320 নম্বৰৰ স্কৰপিয় গাড়ী সহ আন ৫ টাকৈ ডকাইতক আটক কৰে । আটকাধীন ডকাইত কেইটা হৈছে ৰাজা আলি , সীমান্ত মৰাণ , প্ৰণৱ বৰুৱা , কালো খান আৰু আব্দুল চেখ নামৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বৰ্তমান ধৃত ডকাইত কেইজনক IPC 589/2021 us 395/397 কেচ ৰুজু কৰি তিনিচুকীয়া আৰক্ষী জিম্মাত ৰাখি সুধা-পোচা অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here