দলগাওঁ সমষ্টিত আজিও আনন্দৰ বন্যা , আত্মবিশ্বাসক চেলুট দিলে সহস্ৰজনে , হাৰি হাৰি জয় হোৱা জনে ইতিহাস সৃষ্টি

0
22

দলগাওঁ সমষ্টিত আজিও আনন্দৰ বন্যা , আত্মবিশ্বাসক চেলুট দিলে সহস্ৰজনে , হাৰি হাৰি জয় হোৱা জনে ইতিহাস সৃষ্টি

দুৰ্ণীতিৰ দৰ্পণ সেৱা , মহম্মদ আলিম আজাদ , পানবাৰী , ৩ মেঃ দৰং জিলাৰ ভিতৰত কৃষিৰ ক্ষেত্ৰত বিশেষ সুনাম থকা দলগাৱ সমষ্টিৰ ৰাইজে এইবাৰ কৃষি আৰু শিক্ষাৰ যাতে সংসদৰ ভিতৰে বাহিৰে সক্ৰিয় ভূমিকা পালন কৰিব পাৰে , তাৰ বাবে এইবাৰ হিলদৌল ভাঙি এজন উচ্চ শিক্ষিত যুৱকক নিৰ্বাচিত কৰি দি বৃহত্তৰ সমষ্টিত আনন্দৰ বতাহ বলাই দিছে । সকলোৰে এটাই আশা এইবাৰ সমষ্টিটোত কিবা উন্নয়ন হৱ । এইবেলি কংগ্ৰেছ-এ আই ইউ ডি এফৰ নেতৃত্বত মহাজোট হৈছিল । কালি ঘোষণা কৰা নিৰ্বাচনী ফলত ফলত মহাজোটে ৫১ খন অসনত সীমাবদ্ধ । দলগাঁৱত কংগ্ৰেছ-এ আইউ ডি এফৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও দলগাঁও সমষ্টিত ১৫ বছৰৰ পৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে তিনিবাৰকৈ খুব কম ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰি আহিছিল যদিও এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজে হিলদৌল ভাঙি ৫৫০০০ হাজাৰৰ অধিক ভোট দি এ আই ইউ ডি এফৰ উচ্চ শিক্ষিত প্ৰাৰ্থী মজিবুৰ ৰহমানক জয়ী কৰাই এক ইতিহাস সৃষ্টি কৰে । সাংবাদিকে সুধা প্ৰশ্নত নৱ নিৰ্বাচিত বিধায়ক জনে বহু কথা প্ৰকাশ কৰিলে-দলগাঁও সমষ্টিত ইমান উন্নয়ন হোৱা নাই আগন্ত দিনত উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি দিলে । আৰু কয়-তেওঁৰ সৰুৰে পৰাই সপোন আছিল এজন বিধায়ক হৈ ৰাইজৰ কাৰণে মাত মাতিব । মনত ইচ্ছা শক্তি থাকিলে সকলো সম্ভৱ তাকে প্ৰমাণিত দলগাঁৱৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here