নগাঁৱত পাচ শতাধিকৰ বিজেপিত যোগদান , কাৰ গয়না লৈ বহুতে মূখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছেঃ ৰূপক শৰ্মা

0
115

নগাঁৱত পাচ শতাধিকৰ বিজেপিত যোগদান , কাৰ গয়না লৈ বহুতে মূখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছেঃ ৰূপক শৰ্মা

ৱাহিদুদ জামান ,নগাঁও , ২১ ফেব্ৰুৱাৰীঃ আজি নগাঁৱত বিভিন্ন ৰাজনৈতিক দল আৰু কা আন্দোলনৰ নেতাকে ধৰি প্ৰায় পাচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে । আজি নগাঁও আৰু হয়বৰগাও মন্ডল বিজেপিৰ উদ্যোগত এই যোগদান সমাৰোহ অনুষ্ঠিত হয় । নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় , বিজেপি নেতৃত্বাধীন মিত্ৰ যোটৰ চৰকাৰৰ দিনত ৰাজ্যখনত হোৱা উন্নয়নৰ বাবে আজি বিজেপিৰ প্ৰতি সকলো স্তৰৰ লোক আকৰ্ষিত হৈছে । আমাৰ চৰকাৰৰ দিনত ৰাষ্টা ঘাট, দলং আদিৰ উন্নয়ন হোৱাৰ লগতে সকলো ক্ষেত্ৰতে উন্নয়ন আৰু বিকাশে নতুন গতি লাভ কৰিছে । শিক্ষা , স্বাস্থ্য খন্ডকে ধৰি সকলো বিভাগৰ অধিনত অসমত উন্নয়নৰ কাম চলি আছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্ম ভূমি শ্ৰী শ্ৰী বটদ্ৰবা , কাজিৰঙাৰ বেদখলকৃত ভূমি আমাৰ চৰকাৰৰ দিনত উচ্ছেদ কৰা হৈছে । গুৰুজনাৰ পবিত্ৰ জন্ম ভূমিত শ্ৰীশ্ৰী বটদ্ৰবা থানক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ লক্ষৰে সৰ্ব বৃহৎ প্ৰকল্পৰ কাম আৰাম্ভ কৰা হৈছে । কা আন্দোলনকাৰী সকলক সমালোচনা কৰি বিধায়ক গৰাকীয়ে কয় কা আন্দোলনৰ গয়নাৰে এতিয়া বহুতে নেতা হব বিচাৰিছে । ৰাজনৈতিক দল খুলিছে । মূখ্যমন্ত্ৰী হব বিচাৰিছে । তেওঁলোকে সমাগত নিৰ্বাচনত এখনো আসন নেপায় আৰু শেষত বিজেপিত যোগদান কৰিব । সভাত কা আন্দলনৰ নেতা প্ৰাণজিৎ বৰাই কয় , কা আন্দোলনৰ সময়ত কা আন্দোলন কৰা নেতা সকলে আমাক বিপথে পৰিচালনা কৰিছিল । আমাক সপোন দেখাইছিল । অসমৰ মানুহ কা আন্দোলনৰ সময়ত আবেগিক হৈ পৰিছিল । আমিও আবেগিক হৈ পৰিছিলো । এতিয়া আমাৰ ভূল ভাগিছে ।কা আন্দোলনৰ নেতা সকলে এতিয়া অসমৰ ৰাইজক প্ৰতাৰনা কৰিছে । বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ বাবে আমি বিজেপিৰ প্ৰতি আকষিত হৈ আজি বিজেপিত যোগ দান কৰিছো । বিৰাজ বৰদলৈ , সত্যজিৎ বৰাকে ধৰি বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ , এ আই ইউ ডি এফকে ধৰি আদি ৰাজনৈতিক দলৰ লোকে বিজেপিত যোগদান কৰে । আজি যোগদান কৰা লোক সকলে নগাঁও চহৰত সমদল কৰি বিজেপিৰ মন্ডল কাৰ্যালয়ত উপস্থিত হৈ বিজেপিত যোগদান কৰে । বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ প্ৰভাৰি দীপাংকৰ শৰ্মা বৰুৱাই আত ধৰা সভাখনত নগাঁও – হয়বৰগাও মন্ডলৰ সভাপতি ক্ৰমে বিজয় গুপ্তা , দীপাংকৰ ৰয় , বিজেপিৰ বিষয় ববীয়া ৰশ্মি শৰ্মা , সুভাষ দত্ত আদিয়ে অংশ গ্ৰহণ কৰে । উল্লেখ যে , কা আন্দোলনৰ সময়ত নগাঁৱৰ পাঠৰিৰ পৰা কান্ধত ভাৰ লৈ গুৱাহাটীলৈ পদ যাত্ৰা কৰা অপূৰ্ব বৰবৰায়ো আজি বিজেপিত যোগদান কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here