প্রদেশ কংগ্রেছৰ সভাপতি পদ এৰিলে ৰিপুন বৰাই

0
29

প্রদেশ কংগ্রেছৰ সভাপতি পদ এৰিলে ৰিপুন বৰাই

দুৰ্নীতিৰ দৰ্পণ সেৱা,চৈয়দ আফতাদ হুছেইন,বৰপেটা-জাহোৰপাম, ৩ মে’: নির্বাচনত দলৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কালি নিশা ৰিপুন বৰাই প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ সভানেত্রী ছােনিয়া গান্ধীলৈ পত্র প্ৰেৰণ কৰে । যথেষ্ট কষ্ট কৰাৰ সত্ত্বেও বিজেপি আৰু আৰ এছ এছৰ বিভেদকামী তথা আৰু সাম্প্রদায়িক ৰাজনীতিক বাধা দিবলৈ সক্ষম নহ’ল বুলি পদত্যাগ পত্ৰত তেওঁ উল্লেখ কৰে।লগতে এজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীৰূপে দলৰ সেৱা আগবঢ়াই যাব বুলি প্রতিশ্রুতি দিয়ে ৷

SHARE
Previous articleতিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা
Next articleগণতন্ত্ৰত ‘ৰাজপাট’
দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত বাতৰি কাকত ২০১৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমে ধুবুৰীৰ পৰা প্ৰকাশ হয় সাপ্তাহিক কাকত দুৰ্নীতিৰ দৰ্পণ(RNI Registration No. AssAss/2014/59694) আৰু ২০১৫ চনৰ ১৩ জানুৱাৰীত ধুবুৰীৰ পৰা দৈনিক হিচাপে প্ৰকাশ পায় দুৰ্নীতিৰ দৰ্পণ (RNI Registration No. AssAss/2015/71505) । ইয়াৰ পিছত ২০১৯ চনৰ ৪ আগষ্টত গুৱাহাটীত নতুন সংস্কৰণ আৰম্ভ কৰা হয় । প্ৰকাশক আৰু সম্পাদকঃ ছায়েদ আলী খান । যোগাযোগঃ doornitirdarpan2014@gmail.com sayeddhubri@gmail.com website : www.doornitirdarpan.in

LEAVE A REPLY

Please enter your comment!
Please enter your name here