মাকুম গোপনাৰী বটলিং প্লান্টত ড্ৰাগছসহ দুজন যুৱক কৰায়ত্ত

0
20

মাকুম গোপনাৰী বটলিং প্লান্টত ড্ৰাগছসহ দুজন যুৱক কৰায়ত্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ৩ মাৰ্চঃ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত মাকুম গোপনাৰী এল.পি. জি. বটলিং প্লান্টত ড্ৰাগছ্ সহ দুজন যুৱকক স্হানীয় লোকে হাতেলোটে কৰায়ত্ত কৰে । জানিব পৰা অনুসৰি , কৰায়ত্ত কৰা যুৱকদ্বয়ৰ নাম ক্ৰমে সঞ্জয় কোঁৱৰ (২৩) পেচাত এজন ৰাজমিস্ত্ৰি আৰু শিৱা কোৱঁৰ(২৬)গোপমাৰী বটলিং প্লান্টত চালকৰ কৰ্মত নিয়োজিত আছিল ৷ স্হানীয় ৰাইজৰ অভিযোগ কৰা অনুসৰি ,দুই যুৱকদ্বয়ে বহুদিনৰ পৰাই সমাজিকভাৱে নিষিদ্ধ বৰবিহ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল । আজি দুপৰীয়া প্ৰায় ১২ মান বজাত স্হানীয় লোকে হাতেলুটে কৰায়ক্ত কৰি উত্তম মাধ্যম শোধাই ডিগবৈ পুলিচ প্ৰশাসনক খবৰ প্ৰদান কৰাত ড্ৰাগছসহ দুই যুৱকক আৰক্ষীৰ জিম্মাত লৈ ডিগবৈ আৰক্ষী থানালৈ লৈ আহি তদন্ত অব্যাহত ৰাখিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here