শিৱসাগৰত নিৰ্বাচনী জিলাখনৰ ভোটাৰ স্বাক্ষৰতা আৰু সজাগতা কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাৰ একাধিক ভোটাৰ সজাগতা

3
85


শিৱসাগৰত নিৰ্বাচনী জিলাখনৰ ভোটাৰ স্বাক্ষৰতা আৰু সজাগতা কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাৰ একাধিক ভোটাৰ সজাগতা অনুষ্ঠানত অংশগ্ৰহণ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, অমৃত কুমাৰ শৰ্মা ২৫ ফেব্ৰুৱাৰী: শিৱসাগৰ নিৰ্বাচনী জিলাৰ ভোটাৰ স্বাক্ষৰতা আৰু সজাগতা কাৰ্যসূচী (Systematic Voters’ Education and Electoral Participation or SVEEP) -ৰ ব্ৰেণ্ড এম্বেচেডৰ তথা অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাই ২৪ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা আৰম্ভ হোৱা এক ভোটাৰ সজাগতা অভিযানত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই এই ভোটাৰ সজাগতা অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি SVEEP- ৰ ব্ৰেণ্ড এম্বেচেডৰ হিৰণ্য ডেকাক টি-ছাৰ্ট আৰু টুপী প্ৰদান কৰে। তেওঁ ভোটাৰ সকলক ভোটাৰ সজাগতা অভিযানখনি সফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিপুল হাৰত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। ভোটাৰ সজাগতা অভিযানখনিৰ শুভাৰম্ভ অনুষ্ঠানৰ পাছতে ব্ৰেণ্ড এম্বেচেডৰ হিৰণ্য ডেকাই দিখৌমুখ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনিময় কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ আহ্বান জনায়। মত-বিনিময় অনুষ্ঠানখনিৰ শুভাৰম্ভ কৰে দিখৌমুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা SVEEP -ৰ নডেল বিষয়া ড০ প্ৰতীম শৰ্মাই। উপস্থিত শতাধিক ছাত্ৰ-ছাত্ৰীক ডেকাৰ স্বভাৱসুলভ কথনশৈলী আৰু ব্যক্তব্যই মন্ত্ৰমুগ্ধ কৰে। এই অনুষ্ঠানৰ পাছতে ব্ৰেণ্ড এম্বেচেডৰ হিৰণ্য ডেকাই জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অনুষ্ঠিত ভোটাৰ সজাগতা সভাত অংশগ্ৰহণ কৰে। তেওঁ উপস্থিত সকলোকে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ সভাত ৮০ বছৰ বয়সৰ উৰ্ধৰ, দিব্যাঙ্গজন আৰু ক’ভিড-১৯ ৰোগীৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰা প’ষ্টেল বেলট ব্যৱস্থা সন্দৰ্ভত উপস্থিত সকলোকে অৱগত কৰে। তেওঁ ভোটাৰ সকলক সংবিধানপ্ৰদত্ত ভোটদানৰ অধিকাৰৰ সদব্যৱহাৰৰ দ্বাৰা এখন শক্তিশালী গণতন্ত্ৰৰ ভেটি নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। আনহাতে সন্ধিয়া শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত চলি থকা শিৱসাগৰ গ্রন্থ উৎসৱত উপস্থিত ব্ৰেণ্ড এম্বেচেডৰগৰাকীয়ে ভোটাৰৰ সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে।

3 COMMENTS

  1. OLE98 เว็บแทงบอลออนไลน์ ที่เปิดให้บริการมาอย่างยาวนาน ไม่เคยมีประวัติเสีย เข้ามารับประสบการณ์ที่ดีจากการพนันบอล กับเว็บที่มีความพร้อมสำหรับในการให้บริการ มีความยั่งยืนด้านการเงิน เล่นได้จ่ายจริง
    ไม่มีกลั้น ทำเงินได้ต้องการถอนเงินตอนไหน ถอนได้ตลอดทั้งวัน
    ไม่จำกัดปริมาณครั้ง
    หากเกิดปัญหาหรือมีข้อสงสัยอะไรก็แล้วแต่ก็มีทีมงานที่พร้อมจะดูแล ให้ความให้การช่วยเหลือลูกค้าตลอด 24ชั่วโมง สมัครเข้ามาพนันบอล ที่เว็บOLE98 รับทันทีโบนัส100% จากยอดฝากทีแรก

LEAVE A REPLY

Please enter your comment!
Please enter your name here