সমাজ আৰু সামাজিক ব্যাধি

0
23

সমাজ আৰু সামাজিক ব্যাধি
—————————–
গীতালি কেওট বৰা

সমাজৰ উন্নয়ন মানে কেৱল বৃহৎ বৃহৎ অট্টালিকা, উদ্যোগ, কল-কাৰখানা, যান-বাহন, প্ৰযুক্তি আদিয়েই নহয় ৷ মানৱীয়তাৰ প্ৰসাৰৰ দ্বাৰা সুস্থ চিন্তা আৰু বিচাৰ-বুদ্ধিৰে নৈতিকতাৰ আধাৰত উচিত কৰ্মৰ যোগেদি সুষম আৰু সামাজিক বাতাবৰণ যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰে তেতিয়ালৈকে সমাজৰ উন্নয়ন হোৱা বুলি আমি একেমুখে কেতিয়াও স্বীকৃতি দিব নোৱাৰো ৷
সমাজৰ উন্নয়ন আৰু প্ৰগতিৰ মাপকাঁঠি হ’ল সভ্যতা ৷ আজিৰ সমাজে সভ্যতাৰ পোহৰ পালে বা সমাজৰ প্ৰতিজন ব্যক্তিয়েই নিজকে সভ্য বুলি পৰিচয় দিব বিচাৰে যদিও সভ্যতাৰ নামত কলংক সমাজৰ কিছু ব্যাধিৰ পৰা সমাজ আজিও মুক্ত নহয় ৷ তেনেবোৰ গুৰুতৰ ব্যাধিৰ ভিতৰত অন্যতম হ’ল শোষণ আৰু ধৰ্ষণ ৷ জ্ঞানী-গুণীসকলে কয় যে শিক্ষা এনে এক শক্তি যিয়ে মানুহক জ্ঞানৰ পোহৰেৰে আলোকিত কৰি এজন ব্যক্তিক মানৱীয়তা প্ৰদান কৰি, সমাজমুখী হোৱা আৰু সুবুদ্ধি, সুবিচাৰেৰে ব্যক্তিত্বৰ সাজ পৰিধান কৰাত সহায় কৰে ৷ তাৰ বাবেই শিশু অৱস্থাৰ পৰাই শিক্ষা আহৰণৰ ধাৰাটো অব্যাহত ৷ শিক্ষাৰ বাবে ঠায়ে ঠায়ে নিৰ্দিষ্ট শিক্ষা পৰিষদৰ দ্বাৰা বিভিন্ন শিক্ষানুষ্ঠান, বিনামূলীয়া শিক্ষা ব্যৱস্থা, দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থা, বিভিন্ন শিক্ষা নীতি আদি গঢ় লৈ উঠিল আৰু উন্নত টেকনলজি অৰ্থাৎ প্ৰযুক্তিৰ মাধ্যমত শিক্ষাৰ ব্যৱস্থা কৰা হ’ল ৷ কিন্তু চিন্তনীয় বিষয় যে, ইমান প্ৰসাৰতাৰ পাছতো শিক্ষাই কিছুমান জনগোষ্ঠীয় পিছপৰা অঞ্চলত চৰ-চাপৰিত বাস কৰা বহু শিশু, কিশোৰ-কিশোৰীক চুবগৈ পৰা নাই ৷ বিভিন্ন কাৰণত যিটো বয়সত এটা শিশু আখৰ আৰু শব্দৰ সৈতে পৰিচয় হয় সেই বয়সত কিছুমান শিশুৱে মানুহৰ ঘৰত বাচন, কাপোৰ ধুৱাৰ পৰা আদি কৰি এখন ঘৰৰ সমষ্ট কাম কৰি কোমল হাতৰ তলুৱাবোৰ খহতা কৰিবলগীয়া হয় ৷ স্বায়ত্ত শাসিত অঞ্চলত স্বজনজাতীয় শিশুৱে শিক্ষা লাভৰ বাবে নিজৰ মাক-দেউতাকৰ বুকুৰ মাজৰ পৰা আতৰি আনৰ ঘৰত বনকৰা হিচাপে থাকিব লগা হোৱা প্ৰথাও পৰিলক্ষিত হ’ল ৷ ফলত অধিকতৰ শিশু, কিশোৰ-কিশোৰী মালিকৰ দ্বাৰা মানসিক আৰু শাৰীৰিক শোষণৰ বলী হ’বলগীয়া হোৱা ঘটনাও পৰিলক্ষিত ৷ এইবোৰ কাৰণতেই জ্ঞাতে-অজ্ঞাতে থকা বহু কণমানিৰ সৈতে সৌ সিদিনা চুমিলা ৰাংহাংপিৰো জীৱন শেষ হৈ গ’ল ৷ শাৰীৰিক আৰু মানসিক শোষণৰ অন্তত এজনী জনগোষ্ঠীয় কণমানিক জীৱন্তে জ্বলাই হত্যা কৰা হয় ৷ ইয়াৰ বাবে দায়ী সেই সমাজ-ব্যৱস্থা নহয় নে ? নিজে পঢ়াই-শুনাই মানুহ কৰিব পৰা সামৰ্থ্য নাই বুলি জানিও নিজকে সন্তান বনাব পৰা মেচিন বুলি ভাবি 7/8 টা ল’ৰা-ছোৱালী জন্ম দি আনৰ হাতত গতাই দিয়া সেই মূৰ্খ মাক-দেউতাক জগৰীয়া নহয় নে ? পঢ়া-শুনাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰি মহনতা প্ৰদৰ্শনৰ গইনা লৈ ঘৰত বন কৰাবলৈ আনি বিভিন্ন অত্যাচাৰ কৰি সমাজত মুখা পৰিধান কৰি নিজৰ পশুত্বৰ পৰিচয় দিয়া এচাম নৰপিশাচ ইয়াৰ বাবে দায়ী নহয় নে ?
মানুহ আৰু মানৱীয়তা প্ৰকৃততে কোনফালে আগবাঢ়িছে ! বৰ্তমান এনে নৈতিকতাবিহীন সমাজত কিছুমান পুৰুষে এগৰাকী শিশু, কিশোৰী, যুৱতী, মহিলা, বৃদ্ধাক ভোগৰ সামগ্ৰী আৰু যৌন ক্ষুধা নিৱাৰণৰ আহিলা হিচাপে গণ্য কৰাটোৱেই এক ঘৃণনীয় আৰু লজ্জাজনক বিষয় হিচাপে সমাজত গা কৰি উঠিছে ৷ ইয়াৰ বাবে দায়ী কিন্তু “লাও সদায় পাতৰ তল” বুলি সৰুৰেপৰা শিক্ষা দিয়া তথা শিক্ষা লোৱা কিছুমান শিক্ষিত নাৰীয়েই ৷ য’ত নাৰী গৈ মহাকাশ পালে, য’ত নাৰীয়ে শত্ৰুৰ পৰা দেশ ৰক্ষা কৰিছে, য’ত নাৰীয়ে দেশ চলাইছে, য’ত নাৰীয়ে দেশৰ বাবে নিজৰ জীৱন বলিদান দিছে ; সেই দেশতেই নাৰীয়ে আকৌ নিজকে অবলা বুলি শ্ল’গান দি ফুৰিছে ৷ আনহাতে , পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থায়ো এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে ৷
প্ৰশ্ন হয় , সমাজৰ উন্নয়ন প্ৰকৃত অৰ্থত কেতিয়া হ’ব ? মানুহৰ মানসিকতাই কেতিয়া উচিত দিশ পাব ? আৰু কিমানজনী চুমিলাক জীৱন্তে জ্বলাই দিয়া হ’ব ? কিমানজনী চুমিলাই যৌন নিৰ্যাতনৰ বলী হ’ব লাগিব ? দুখীয়া,নিৰ্যাতিতাসকলৰ বাবে আইন কেতিয়া সমান হ’ব ? ন্যায় ব্যৱস্থাই আৰু কিমান দিনলৈকে গান্ধাৰীৰ দৰে চকুত ক’লা কাপোৰ বান্ধি থাকিব ? আৰু কিমান নৰপিশাচ সমাজত জন্ম হ’ব ? চুমিলাৰ হত্যাকাণ্ডৰ বাবে কিমানে দাবী জনাব ? নে সময় অতিবাহিত হোৱাৰ লগে লগে সকলো বিষয়েই লুপ্ত পাব…!

LEAVE A REPLY

Please enter your comment!
Please enter your name here