মাণিকপুৰত ‘আংচা নাট্য মেলা’ৰ সফল সামৰণি

49

মাণিকপুৰত ‘আংচা নাট্য মেলা’ৰ সফল সামৰণি
দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ,১ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক গোষ্ঠী “আকাশ”ৰ উদ্যোগত দেওবাৰে অনুস্থিত প্ৰথম বাৰ্ষিক বিশিষ্ট অভিনেতা গৰ্গেশ্বৰ দাস সোঁৱৰনী ‘আংচা নাট্য মেলা’ৰ দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে । মাণিকপুৰৰ বিশিষ্ঠ অভিনেতা নজৰুল ইছলামে আতধৰা আংচা নাট্যমেলাৰ কাৰ্যসূচী ৰাতিপূৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত ৰায়ে । মঞ্চ মুকলি কৰে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাতুল পাঠকে । মঞ্চ মুকলিৰ পিছতে মঞ্চত উপবিষ্ট বিশিষ্ঠ ব্যক্তি সকলে নাট্যক্ষেত্ৰ আৰু সাংস্কৃতিক দিশৰ বহু গঠনমুলক বক্তব্য আগবঢ়ায় লগতে তেওঁলোকক একোখনকৈ কোচ-ৰাজবংশী জাতীয় আংচাৰে সম্বৰ্ধনা জনায় উদ্যোক্তা সমিতিয়ে । সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন আৰু নাট্য মেলাত অংশগ্ৰহন কৰা নাট্য দল সমুহৰ দ্বাৰা চাৰিখনকৈ ভিন্ন ৰসৰ নাট মঞ্চস্থ কৰা হয় । আজিৰ নাট্য মেলাত মঞ্চস্থ হোৱা আটাইকেইখন নাটকেই দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে দৰ্শকৰ মাজত বিশেষ চৰ্চা লাভ কৰে বোকাখাতৰ “দেখহ শুনহ নাট্য দল”ৰ নিবেদন বৃহৎ নদী বান্ধৰ ওপৰত আধাৰিত পবিত্ৰ ৰাজখোৱা ৰচিত/ পৰিচালিত “বন্ধ্যা” নাটক খনে । আজিৰ এই নাট্য মেলাত প্ৰায় দুই শতাধিক দৰ্শক ৰাইজ উপস্থিত থাকে ।

Total Page Visits: 10 - Today Page Visits: 3