আফগানিস্তানৰ বিৰুদ্ধে ২৩ ৰানত জয়ী হৈ বিশ্বকাপ অভিযান শেষ কৰিলে ৱেষ্ট ইণ্ডিজে

0
41

আফগানিস্তানৰ বিৰুদ্ধে ২৩ ৰানত জয়ী হৈ বিশ্বকাপ অভিযান শেষ কৰিলে ৱেষ্ট ইণ্ডিজে

দুৰ্নীতিৰ দৰ্পণ সেৱা , দীপ মহন্ত , ০৫ জুলাই : বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে জয়ী হৈয়েই আই চি চি বিশ্বকাপ ২০১৯ ৰ অভিযান শেষ কৰিলে টীম ৱেষ্ট ইণ্ডিজে । শেষ ম্যাচখনতে আফগানিস্তানক ২৩ ৰানত পৰাস্ত কৰিলে । টছত জিকিয়েই প্ৰথমে ব্যটিং কৰাৰ সিদ্ধান্ত লৈছিল অধিনায়ক জেসন হোল্ডাৰে । নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেট হেৰুৱাই ৩১১ ৰান সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজে । দলটোৰ হৈ শাই হোপ (৭৭) , লুইচ (৫৮) আৰু পুৰণে (৫৮) ৰান কৰে । কিন্তু তাৰ প্ৰত্যুত্তৰত আফগানিস্তানে ব্যটিং কৰি প্ৰথমে ভাল পৰিদৰ্শন দেখুৱাই যদিও শেষত দ্ৰুত হাৰত উইকেট হেৰুৱাৰ ফলত ২৮৮ ৰান কৰিবলৈহে সক্ষম হয় । উল্লেখ যে আফগানিস্তানে এইবাৰৰ এখন খেলতেও জয়লাভ কৰা নাই । দুয়োটা দলেই বিদায় ললে ২০১৯ ৰ আই চি চি বিশ্বকাপৰ পৰা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here