Uncategorizedঅসম

আমছুৰ মহানুৱতাৰ বাবেই দুবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা মানসিক বিকাশগ্ৰস্থ যুৱক জিয়াদুৰ ৰহমানক ঘুৰাই পালে পৰিয়ালে

আমছুৰ মহানুৱতাৰ বাবেই দুবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা মানসিক বিকাশগ্ৰস্থ যুৱক জিয়াদুৰ ৰহমানক ঘুৰাই পালে পৰিয়ালে

দুৰ্নীতিৰ দৰ্পন সেৱা, লাহৰীঘাট ,শ্বামিমুল ইছলাম ৫ মাৰ্চঃ আমছুৰ বিষয়ববীয়া সকলৰ মহানুৱতাৰ বাবেই দুবছৰ পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হোৱা মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক জিয়াদুৰক ঘূৰাই পাবলৈ সক্ষম হয় পৰিয়ালে জানিব পৰা মতে অবিভক্ত ধুবুৰী (শালমাৰা, মানকাছাৰ)জিলাৰ কাঠডাঙা কলাবাৰী গাঁৱৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত জিয়াদুৰ ৰহমান (পিতা নুৰভক্ত শেখ) ঘৰৰ পৰা দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহুত ঠাইত বিচাৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল। জিয়াদুৰ ৰহমানে বিয়া কৰি ঘৰ সংসাৰো কৰিছিল বুলি জানিব পৰা গৈছে । জিয়াদুৰৰ এজনী ছবছৰীয়া ছোৱালীও আছে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। ঘৰৰ পৰা দুবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা জিয়াদুৰ ৰহমান দুদিন ধৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত ফলিহামাৰি পাম গাঁৱত ঘূৰি ফুৰা লক্ষ্য কৰি স্থানীয় লোকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু) ৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠিনক সম্পাদক আনোৱাৰ হুছেইনক অৱগত কৰে। সম্পাদক আনোৱাৰ হুছেইনে কালি গণ-অধিকাৰ কাকতৰ স্থানীয় সাংবাদিক ছাদ্দাম হুছেইনক লগত লৈ উক্ত স্থানত উপস্থিত হৈ স্থানীয় লোকক লগত লৈ মানসিক বিকাৰগ্ৰস্ত জিয়াদুৰ ৰহমানক সোধ পোচ কৰি তেখেতৰ কথা বতৰাৰ পৰা নামনি অসমৰ হ’ব পাৰে বুলি ধাৰণা কৰে। সেই মৰ্মে বিজনী জিলা আমছুৰ সভাপতি আবুল কালাম আজাদ,ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শেখ,ধুবুৰী জিলাৰ সমাজসেৱক তথা সাংবাদিক ইলিয়াছ ৰহমান সৰকাৰ,মিজানুৰ ৰহমানৰ লগত ব্যক্তিগত ভাবে যোগাযোগ কৰি অৱশেষত জিয়াদুৰ ৰহমান পৰিয়ালৰ সন্ধান লাভ কৰে। আৰু আজি জিয়াদুৰ ৰহমানক নিবলৈ ধুবুৰীৰ পৰা মৰিগাঁৱৰ ভূৰাগাঁৱত আহি উপস্থিত হৈছে জিয়াদুৰৰ সৰু ভ্ৰাতৃ ছাইদুৰ ৰহমান। দুবছৰ পিছত নিজ ভ্ৰাতৃক লগ পাই কান্দোনত ভাঙি পৰে ছাইদুৰ ৰহমান। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠিনক সম্পাদক আনোৱাৰ হুছেইন আৰু সাংবাদিক ছাদ্দাম হুছেইনৰ সহযোগত দুবছৰ আগতে নিৰ্দ্দেৰুশ হোৱা জিয়াদুৰ ৰহমানক ঘূৰাই পায় অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে পৰিয়ালৰ লোকে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close