Uncategorizedঅসম

উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় গোচৰৰ গুৰুত্বপূৰ্ণ শুনানী

উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় গোচৰৰ গুৰুত্বপূৰ্ণ শুনানী

পুনৰ আবেদনৰ বাবে গ্ৰহণযোগ্য হল ১৫ খন নথি , আমছু – জমিয়ত উলামাৰ আদৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা, যোগীঘোপা, ১ নবেম্বৰ : মাননীয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত অসমৰ NRC সম্পৰ্কীয় গোচৰ WP(c) No 274/2009 ৰ শুনানী অনুষ্ঠিত হয়। NRC ৰ দাবী আপত্তি পৰ্যায়ত ১৯৫১ চনৰ NRC, ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখলৈ প্ৰকাশিত পূৰ্বৰ ভোটাৰ তালিকা সহিতে পাঁচটা লিগেচি নথি ব্যৱহাৰ কৰিব পৰা নোৱাৰা বিষয়ত শুনানী গ্ৰহন কৰি মাননীয় আদালতে আজি আমছু, মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ অধিবক্তা, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰ যুক্তিত ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাৰ অযুক্তিকৰ পৰামৰ্শক অগ্ৰাহ্য কৰি পাঁচবিধ নথিকে অন্য ১০ বিধ নথিৰে সৈতে দাবী আবেদনকাৰীক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে। মুঠতে ১৫ টা লিগেচি নথিকে পূৰ্বৰ দৰে আজি মাননীয় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখে। আনহাতে দাবী আবেদন জমা দিয়াৰ চুড়ান্ত তাৰিখ ১৫ ডিচেম্বৰ, ২০১৮ ইং লৈ বৃদ্ধি কৰি মাননীয় আদালতে ১৫ জানুৱাৰী, ২০১৯ ইং তাৰিখৰ পৰা পৰা ১ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখলৈ দাবী আপত্তি আবেদনকাৰীক শুনানীৰ বাবে জাননী জাৰি কৰাৰ লগতে অহা ১ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখৰ পৰা আবেদনকাৰী সকলৰ শুনানী অনুষ্ঠিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে।আজিৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক আমছু আৰু অসম ৰাজ্যিক জমিয়ত উলামাই আদৰণি জনাইছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close