বিশ্বনাথৰ পলখনিৰ দলঙৰ শুভ উদ্বোধন কৰিলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই

81

বিশ্বনাথৰ পলখনিৰ দলঙৰ শুভ উদ্বোধন কৰিলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ চাৰিআলি , ১৯ ফেব্ৰুৱাৰী : বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত পলসনিত আজি এখন দলং উদ্বোধন কৰে প্ৰাক্তন পৌৰপতি তথা বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই। ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সাংসদ পুজিৰ ২০১৮-১৯ বৰ্ষৰ আঁচনিৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পশ্চিম কুৰুহাটিৰ পৰা পলখনি পথৰ কাঠৰ দলংখন আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰে। উল্লেখযোগ্য যে , দুবছৰ পূৰ্বে কুৰুহাটিৰ পৰা ছাত্ৰ ছাত্ৰী সকলে টৌৱেৰে নদী পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰাৰ খবৰ লাভ কৰাৰ পিছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সাংসদ ৰিপুণ বৰাই ২০ লাখ টকা দলং নিৰ্মাণৰ বাবে আৱন্টন দিছিল। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ হোৱাত উৎফুল্লিত হৈ পৰাৰ লগতে সাংসদ ৰিপুণ বৰাক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে। ইফালে আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা কংগ্ৰেছৰ প্ৰশান্ত হাজৰিকা, সংখ্যালঘূ কোষৰ মৌলানা আহমেদ আলি, আব্দুল মোন্নাফ চৌধুৰী, চতিয়া ব্লক কংগ্ৰেছৰ সভাপতি হৃদয়জ্যোতি শইকীয়া, মেডিয়া অধ্যক্ষ সঞ্জীৱ কেওট,পাৰ্থপ্ৰতীম শইকীয়াকে ধৰি প্ৰায় শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Total Page Visits: 10 - Today Page Visits: 2