Uncategorizedঅসম

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত “ৰাধেশ্যাম তোদী জাতীয় বিদ্যালয়”ৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন , স্মৃতিগ্ৰন্থ “উত্তৰণ” উন্মোচন

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত “ৰাধেশ্যাম তোদী জাতীয় বিদ্যালয়”ৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন , স্মৃতিগ্ৰন্থ “উত্তৰণ” উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰাজগড় :১৩ মাৰ্চঃ অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত ডিব্ৰুগড় জিলাৰটিংখাঙৰ নাতিদূৰৈৰ “ৰাধেশ্যাম তোদী জাতীয় বিদ্যালয়ৰ “দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৯ মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে এক উৎসৱমুখৰ পৰিবেশত সম্পন্ন কৰা হয় । পুৱা পৰিবেশ নিকাকৰণ,পতাকা উত্তোলনআৰু স্মৃতি তৰ্পণৰ পাছতেই ছাত্ৰ-ছাত্ৰী সকলে গীত, নৃত্য প্ৰৰ্দশন কাৰ্যসূচী সম্পন্ন কৰে । দিনৰ ১১-৩০ বজাত সাংবাদিক ভদ্রেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট ইতিহাসবিদ, লেখক তথা টিংখাং কলেজৰ অৱসৰপ্রাপ্ত অধ্যাপক ড: ভদ্রেশ্বৰ বকতিয়াল, বিশিষ্ট গ্রন্থকাৰ, লেখক অৱসৰপ্রাপ্ত ৰাজ্যিক কৃতী শিক্ষক প্রবীন গগৈ, কলিয়াপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক পিতাম্বৰ টাইৰাই গগৈ, জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰূপান্তৰ বকলীয়াল, ৰাজগড ৰাঙলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নকুল মহন্তই বিশিষ্ট অতিথি হিচাবে অংশগ্রহণ কৰি সাম্প্রতিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ দ্রুত উন্নয়নৰ সময়ত, প্রতিযোগিতা মূলক পৃথিৱী খনত নিজকে খাপখোৱাই আগবঢাই নিবলৈ ছাত্ৰ-ছাত্ৰী সকলে গভীৰ অধ্যয়ন, একাগ্ৰতা আৰু পৰিশ্রম একান্তই জৰুৰী বুলি তথ্যসমৃদ্ধ গভীৰ মননশীলভাষণ প্ৰদাণ কৰি সকলোকে উৎসাহিত কৰে ।| বৰ্তমান সময়ত চৰকাৰী বিদ্যালয় সমূহলৈ নামি অহা চৰম দুৰ্দশা আৰু বিপৰ্য সময়ত ভিন্ন প্ৰান্তত গঢ়ি উঠা বে-চৰকাৰী খণ্ডৰ বিদ্যালয় সমুহে গুণগত শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বিদ্যালয় সমুহে ভৱিষ্যত সমাজ জীৱনৰ স্বাৰ্থত ব্যৱসায়িক দৃষ্টিভংগীৰ বিপৰীতে নতুন প্ৰজন্মক প্ৰকৃত মানুহ হিচাবে গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিবলৈ ভাষণ প্ৰসংগত বক্তা সকলে পআহ্বান জনায় । সভাত উদযাপন সমিতিৰ সভাপতি মূলান কোঁৱৰ, ধনীৰাম কোঁৱৰৰ উপৰিও কেইবাগৰাকী অভিভাৱক-অভিভাৱিকাই অংশগ্রহণ কৰি দহবছৰীয়া পৰিক্ৰমাত বিদ্যালয় খনে সুখ্যাতিৰে অগ্রসৰ হোৱাত শিক্ষক- কতৃপক্ষক্ক গভীৰ কৃতজ্ঞতা প্রকাশ কৰে ৷ বিদ্যালয়ৰ অধ্যক্ষ দেবেশ্বৰ কোঁৱৰে আদৰণি ভাষণ প্রদান কৰা সভাত শিক্ষক গণপদ তেলীৰ সম্পাদনাত প্রকাশিত “উত্তৰণ” নামৰ স্মৃতিগ্রন্থ খনি উন্মোচন কৰে স্থানীয় “সমাজ কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়”ৰ প্রধান শিক্ষক গোবিন বাহাদূৰ চেত্ৰীয়ে | আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আৰম্ভণি গীতৰ লগতে কেইবাটিও মনোৰম গীত আৰু নৃত্য পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close