Uncategorizedঅসমসাহিত্য

এটা সোণোৱালী লিৰিক্ আৰু কেইটামান স্কেচ্ছ্ *******✍ৰাশ্বেল চৌধুৰী

এটা সোণোৱালী লিৰিক্ আৰু কেইটামান স্কেচ্ছ্
*******✍ৰাশ্বেল চৌধুৰী

দেখিছনে
সেউজীয়াৰ ওপৰেদি উৰি যোৱা
এজাক প্ৰেম

তই এবিঘা সবুজ !
ৰ ,
তোৰ কোলাতে জিৰাই লওঁ ।

তই বিচাৰিছিলি
বুকুৰ আঢ়ৈ কে.জি মাংস

তোৰ ভৰিত মই বান্ধি দিলো নূপুৰ
চা ,
কি ৰাগত বাজিছে
সোণোৱালী ঝংকাৰ

ফুলশয্যাৰ গা ধোৱা
সৌ ন-কইনা বেলিটোৱে
কেনেদৰে হাঁহিছে
তোৰ হালধীয়া স্তন চাই

চা ,
কুঁৱলিয়ে তৰি দিছে আবুৰ
পানীডোঙা উমাল কৰা
পুৱতি পানীকাউৰীটোৱে
কেনেদৰে টোকোৰ মাৰিছে বেলিটোক
এটা কমলা টেঙা ভাবি !

এনে এটা পুৱাৰ সপোনেৰে
জাৰত থৰ্ থৰ্ কৈ কঁপা ৰাতিটোক
আঁদৰি আনো
গ্ৰীলৰ গেট খুলি

বুকুৰ পৰা মোচৰি আনো
এবোজা দল ঘাঁহ
ধূনকৰৰ পিঠিত কোবাই কোবাই
শুবলৈ বনাই দিও কম্বল !

ৰাতি নাৰীৰ দৰে
ৰাতিৰ ভিতৰত থাকে
আৰু এক ৰাতি

অপেক্ষাৰ ৰাতি
বিষাদৰ ৰাতি
অপমানৰ ৰাতি…….

তেজত শলিতা জ্বলাই
ৰাতি থাকে উজাগৰে

ৰাতি আৰু আমাৰ মাজত
এটা মুদ্ৰা
বিপৰীত পিঠিৰে বুকু চাপ খোৱা

ৰাতিৰ চকুত জ্বলে অপেক্ষাৰ নীলা শিখা
উতলি উতলি পৰে স্বপ্নৰ লাভা
সেউজীয়াৰ গালেৰে উৰি যোৱা
সোণালী পুৱা lll

******* ৰাশেল চৌধুৰী********

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close