সাহিত্য

এনজাইনা ======= ✍ডাঃ মিঠুন চন্দ্ৰ দাস

এনজাইনা
=======

✍ডাঃ মিঠুন চন্দ্ৰ দাস

যেতিয়া মোৰ কোমল কলিজাই
তোমাৰ মৰমৰ অক্সিজেন নাপায়
মোৰ বুকুখন বাৰুকৈয়ে বিষায়
অসহ্য যন্ত্ৰনাত মই নিৰুপায়

এই বিষে কেতিয়াবা কৰে এনজাইনাৰ ৰূপ ধাৰণ
কৰে শৰীৰৰ সুস্থতা হৰণ
সাইলাখ এন্টি এনজাইনেল দৰৱৰ দৰে তোমাৰ ভা লপোৱা
সামান্য পালেই অসহনীয় বিষো হয় নাইকীয়া

কিন্তু তুমিতো নোপোৱা বুজি
যাৰ বাবে মই অচিন ধৰণৰ হৃদৰোগী আজি
তোমাৰ মৰমসনা মাত ইয়াৰ একমাত্ৰ প্ৰতিকাৰ
অনুভৱ কৰিছো কথাটো প্ৰত্যেকবাৰ

(Angina:
এনজাইনা একধৰণৰ হৃদৰোগ)

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close