Uncategorized

কাকপথাৰ আৰক্ষীৰ থানাৰ প্ৰভাৰী গকুল সোনোৱালৰ প্ৰশংসনীয় প্ৰদক্ষেপ , চাৰি মেধা ছাত্ৰ অভিনন্দন জ্ঞাপন

কাকপথাৰ আৰক্ষীৰ থানাৰ প্ৰভাৰী গকুল সোনোৱালৰ প্ৰশংসনীয় প্ৰদক্ষেপ , চাৰি মেধা ছাত্ৰ অভিনন্দন জ্ঞাপন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , তিনিচুকীয়া , ২৩ মে’: তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ চাৰিগৰাকী মেধা শিক্ষাৰ্থীক থানাখনৰ প্ৰভাৰী গকুল সোনোৱালে কিতাপৰ টোপোলাৰ লগতে নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰি এক আদৰণীয় নিদৰ্শন দাঙি ধৰে । প্ৰভাৰীগৰাকীৰ দ্বাৰা সম্বৰ্ধিত শিক্ষাৰ্থীকেইগৰাকী হল ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ব্যক্তিগত নিৰাপত্তা(ঐচ্ছিক) বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৮২.৫ % লাভ কৰা ধনঞ্জয় বুঢ়াগোহাঁই, ৮৭ % নম্বৰেৰে কাকপথাৰ জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ডেনিম মৰাণ, ৮৭% নম্বৰেৰে বৰডিৰাক উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সৌৰভজ্যোতি বুঢ়াগোহাঁই, ৮৭.৮৩% নম্বৰেৰে ডিৰাক জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা আদিত্য কছাৰী । প্ৰভাৰীগৰাকীয়ে কেউজনকে এখনকৈ ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ বিপৰীতে পিতৃহাৰা তথা মাতৃৰ দিন হাজিৰাৰে লালিত পালিত ধনঞ্জয়ক কিছু নগদ ধন আগবঢ়াই। প্ৰভাৰীগৰাকীয়ে পূর্বেও তেওঁৰ কৰ্তব্য ঠাইত এনেধৰণৰ শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগাই আহিছে । কাকপথাৰ থানাত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কাকপথাৰৰ জেষ্ঠ সাংবাদিক ক্ৰমে বিজয় দত্ত, হেমন্ত কুমাৰ শইকীয়া, মনোৰঞ্জন নেওগ, শিক্ষক তথা সমাজকৰ্মী দেবেন চেতিয়া, বিজেপিৰ নেতা ক্ৰমে সুৰজিত মৰাণ, বলীন হাতীবৰুৱা, প্ৰণৱ শইকীয়াৰ লগতে অভিভাৱকসকল ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close