Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

কুৰাল গুৰি উঃমাঃ বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰৰ অভিলেখ , গনিতত এশ শতাংশ লাভেৰে প্ৰিয়ংঙ্কিতা বৰা,দেৱাশীষ শৰ্মা,প্ৰিয়মজ্যোতি দত্ত আৰু স্পন্দন ৰাজখোৱাৰ সাফল্য

কুৰাল গুৰি উঃমাঃ বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰৰ অভিলেখ , গনিতত এশ শতাংশ লাভেৰে প্ৰিয়ংঙ্কিতা বৰা,দেৱাশীষ শৰ্মা,প্ৰিয়মজ্যোতি দত্ত আৰু স্পন্দন ৰাজখোৱাৰ সাফল্য

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও, ১৬ মেঃ গোলাঘাট জিলাৰ দেৰগাঁও কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গোলাঘাট জিলাৰ ভিতৰত সুনাম কঢ়িয়াই আনিছে।বিদ্যালয়খনৰ মুঠ ৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন আৰু ইয়াৰে চাৰি গৰাকীয়ে গনিত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ এশ শতাংশ লাভ কৰিছে।আনহাতে ষ্টাৰ মাৰ্ক তিনি জন ,প্ৰথম বিভাগত ৩১জন, দ্বিতীয় বিভাগত ২৭ জন আৰু তৃতীয় বিভাগত ১৩ জনে লাভ কৰিছে।বিদ্যালয় খনৰ মুঠ উত্তীৰ্ণৰ হাৰ ৭৩ শতাংশ।ডিষ্টিংশ্যন পোৱা ছাত্ৰ -ছাত্ৰী সকল ক্ৰমে প্ৰিয়াঙ্কিতা বৰা,দেৱাশীষ শৰ্মা,অনুপমা হাজৰিকা ,কস্তুৰী ফুকন,অনুসূয়া ভৰদ্বাজ,প্ৰিয়ম দত্ত আৰু স্পন্দন ৰাজখোৱা ।ইয়াৰে ভিতৰত দেৱাশীষ শৰ্মা আৰু অনুপমা হাজৰিকাৰ ঘৰুৱা আৰ্থিক অৱস্থা অতি শোচনীয় যদিও ডিষ্টিংশ্যন নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ছাত্ৰ ছাত্ৰী সকলৰ সফলতাত বিদ্যালয়ৰ অধ্যক্ষ প্ৰমূখ্যে শিক্ষক শিক্ষয়িত্ৰী সকল,স্থানীয় ৰাইজ,পৰিচালনা সমিতি সকলোৱেই আনন্দ প্ৰকাশ কৰিছে।

Show More

2 Comments

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close