সাহিত্য

*কৃষ্ণ* *অৱলা*

*কৃষ্ণ*
*অৱলা*
মানৱ ৰূপী কৃষ্ণ
অৱতাৰী পুৰুষ
পদ পঙ্কজ সুঁৱৰী
নৰে পায় পূণ্য ,
জীৱনৰ অফুৰন্ত সুখ |

হে বংশী ধাৰী
কলীয়া কানাই,
কংস কাৰাগাৰৰ পৰা
কুৰুক্ষেত্ৰ ৰণলৈ
নৰৰ মাজতে থাকি
দেখুৱালা জীৱনৰ গুঢ় তত্ব |

হে গোপীনাথ,সখা কৃষ্ণ
অৰ্জুনৰ জীৱন দৰ্শনৰ
জটিল যুক্তি পূৰ্ণ প্ৰশ্নৰ
দিলা মিষ্ট অৰ্থব উত্তৰ |

হে গকুল গিৰিধাৰী গোবিন্দ,
মহাভাৰত গীতা ভাগৱতত
বিস্তৃত তোমাৰ চৰিত্ৰ |

হে নন্দ কিশোৰ কংসাৰি গোপীকামোহন,
সংসাৰ মৰুত তুমি মৰুদ্যান
জীৱক দুখ সাগৰৰ পৰা কৰা উদ্ধাৰ |
প্ৰভু কৰা উদ্ধাৰ |

Show More

2 Comments

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close