খোৱাঙত বিকল পানীযোগান যন্ত্ৰ, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজৰ হাহাকাৰ

0
58

খোৱাঙত বিকল পানীযোগান যন্ত্ৰ, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজৰ হাহাকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ৭ জুলাইঃ ডিব্ৰুগড় জিলাৰ মৰাণ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যলয়ৰ এলেকাধীন বৃহত্তৰ খোৱাং অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। যুগ যুগ ধৰি বিকল হৈ পৰি আছে পানী উত্তোলন কেন্দ্ৰ সমূহ। কৰবাত যদি যন্ত্ৰসমূহ বিকল কৰবাত আকৌ পানী টেঙ্কী সমূহ ব্যৱহাৰৰ অভাৱত মামৰে ধৰি পচিবলৈ ধৰিছে । জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ তৰফৰ যোগেদি খোৱাং অঞ্চলৰ খোৱাং ঘাটৰ সমীপত, নাহৰণি, সাৰুৱা ছিগা আৰু মাধকলি গাঁৱত থকা খোৱা পানী উত্তোলন কেন্দ্ৰ কেইটা সম্প্ৰতি সম্পূৰ্ণ ৰূপে বিকল হৈ আছে । আজিৰ পৰা প্ৰায় কুৰি বছৰৰ পূবে স্থাপন কৰা এই পানী উত্তোলন কেন্দ্ৰ কেইটাৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে কিছু বছৰ বিশুদ্ধ খোৱা পানী লাভ কৰিছিল যদিও বিভাগৰ অমনোযোগিতাৰ বাবে আটাইকেইটা পানী যোগান কেন্দ্ৰ সম্পূৰ্ণ ৰূপে বিকল হৈ পৰি আছে । ফলত এতিয়া বৃহত্তৰ খোৱাং অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে । বিভাগীয় কত্তৃপক্ষৰ হেমাহি আৰু অমনোযোগিতৰ বাবে পানী উত্তোলন কেন্দ্ৰ সমূহৰ লগতে পানী পৰিবাহী পাইপ ,টেপ আদি চিন মোকাম নোহোৱা হল । আনহাতে এই উত্তোলন কেন্দ্ৰ সমূহত নিয়োজিত কৰ্মচাৰী সকলৰ লগতে জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে নিয়মিত ভাৱে দা-দৰমহা কিন্তু লৈয়ে আছে । পৰিৱৰ্তনকামী বিজেপি চৰকাৰেও এই বিভাগটোৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই । সেয়েহে অঞ্চলটোৰ ৰাইজে বৃহত্তৰ খোৱাং অঞ্চলত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ বাবে জৰাজীৰ্ণ হৈ থকা পানী উত্তোলন কেন্দ্ৰ সমূহ পুনৰ কায্যক্ষম কৰি তুলিবৰ বাবে সমষ্টিৰ বিধায়কৰ ওচৰত দাবী জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here