Uncategorized

গঁড় হত্যা ৰোধৰ সংকল্পৰে কাজিৰঙাত পঞ্চায়তৰ ভাৰ ল’লে নাজিৰ আলিয়ে

গঁড় হত্যা ৰোধৰ সংকল্পৰে কাজিৰঙাত পঞ্চায়তৰ ভাৰ ল’লে নাজিৰ আলিয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙা, ২৭ ফেব্ৰুৱাৰীঃ কাজিৰঙাৰ ধাৰাবাহিক গঁড় হত্যা ৰোধৰ সংকল্পৰে কাজিৰঙাৰ কুঠৰী গাঁও পঞ্চায়তৰ আজি দায়িত্ব ভাৰ লয় নাজিৰ আলিয়ে। কেউফালে মোডী ঢৌ থকাৰ পাছত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ব্যৱধানত জয়লাভ কৰা কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলিক আজি শতাধিক লোকৰ সমদলেৰে পঞ্চায়ত কাৰ্যালয়লৈ আগবঢ়াই অনা হয়। ইয়াৰ পাছতে পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি জমচেৰ আলিৰ সভাপতিত্বত পঞ্চায়ত চৌহদতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। পঞ্চায়তখনৰ ভাৰপ্ৰাপ্ত সম্পাদক মণ্টু গোস্বামীয়ে আঁত ধৰা সভাত পূৰ্বৰ কাৰ্যকালৰ পঞ্চায়তখনৰ সভানেত্ৰী জামিনা খাতুনকে প্ৰমুখ্য কৰি পুৰণি সমিতিক বিদায় দিয়া হয়। সভাত নৱ নিৰ্বাচিত সভাপতি নাজিৰ আলিয়ে কোনো কাৰণতে দুৰ্নীতি নকৰাৰ প্ৰতিজ্ঞা কৰাৰ লগতে পঞ্চায়তলৈ আৱণ্টন হোৱা সমগ্ৰ অনুদানৰ বিতৰণ সম পৰিমাণ কৰাৰ কথা ঘোষণা কৰে। সভাতে তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাৰ পঞ্চায়ত হিচাপে কুঠৰী গাঁও পঞ্চায়তৰ অন্যতম কৰ্তব্য হ’ল অসম গৌৰৱ এটা খৰ্গ থকা গঁড় সুৰক্ষিত কৰা। যিকোনো মূল্যৰ বিনিময়ত গঁড় হত্যা বন্ধ কৰিবৰ বাবে পঞ্চায়তে পাৰ্যমানে সকলো ধৰণৰ সজাগতা কাৰ্যসূচী লোৱা হ’ব বুলিও সভাপতি নাজিৰ আলিয়ে স্পষ্ট কৰে। সভাত পঞ্চায়তখনৰ আঞ্চলিক সদস্য মদন চাওতালে চাহ বাগিচাৰ শ্ৰমিকক চুলাই-মদ খুৱাই হত্যা কৰা বিজেপি চৰকাৰৰ জনগণ বিৰোধী কৰ্মক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অঞ্চলটোত যদি কোনো চুলাই ভাটি আছে সেয়া উচ্ছেদ কৰাটোৱেই প্ৰথম কাম হ’ব বুলিও উল্লেখ কৰে। তদুপৰি, পঞ্চায়তৰ সামগ্ৰিক উন্নয়ন কৰি উঠি অহা প্ৰজন্মৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ কাৰণে নৱ নিৰ্বাচিত পঞ্চায়তখনে যৎপৰোনাস্তি চেষ্টা চলাব বুলিও তেখেতে উল্লেখ কৰে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close