Uncategorizedঅসম

গুটিবাৰী- বিৰিজান সংযোগী পথৰ নলাৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণৰ দাবী ৰাইজৰ

গুটিবাৰী- বিৰিজান সংযোগী পথৰ নলাৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণৰ দাবী ৰাইজৰ

দুুৰ্নীতিৰ দৰ্পন সেৱা , বিহালী , ১৩ মাৰ্চ : – পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰ খনৰ শাসন ভাৰ লোৱা তিনিবছৰ সম্পূৰ্ণ হ’ল । ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ কথা আমি ক’বলৈ ওলাইছোঁঁ । বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ তিনিসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত গুটিবাৰী আৰু বিৰিজান সংযোগী নলাৰ ওপৰত থকা বাঁহৰ সাঁকো খনৰ জৰাজীৰ্ণ ৰূপে উন্নয়নৰ ফোপোলা স্বৰূপ উন্মোচন কৰিছে । বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাসে যোৱা ২০১১ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়ত দলং নিৰ্মাণৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৰাইজে বিছাৰিয়ে নাপালে বিধায়ক পল্লৱক। প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকিল । ঠিক একেদৰে যোৱাটো বিধানসভা নিৰ্বাচনত আহিল বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত ।তেখেতৰো একেই প্ৰতিশ্ৰুতি । গুটিবাৰী- বিৰিজান সংযোগী নলাৰে নিৰ্বাচন আহিলেই বৈ যায় প্ৰতিশ্ৰুতিৰ বন্যা। বৃহত্তৰ গুটিবাৰী -বিৰিজান অঞ্চলৰ ৰাইজে বহু বছৰ ধৰি দলংখন নিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পিছতো সংযোগী পথটোৰ ওপৰত বৰ্তমানলৈ নিৰ্মাণ নহল দলং । চৰকাৰ তথা জন প্ৰতিনিধিৰ চৰম হেমাহিৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। কণ কণ ছাত্ৰ ছাত্ৰী সকলেও জৰাজীৰ্ণ বাঁহৰ সাঁকো খনেৰেই বিপদসঙ্কুলভাৱে যাতায়ত অব্যাহত ৰাখিছে । জানিব পৰামতে গুটিবাৰী- বিৰিজান সংযোগী নলাৰ ওপৰত দলং নিৰ্মাণৰ বাবে জন প্ৰতিনিধিক বহু অনুনয়- বিনয় কৰিছে যদিও কাৰ্যত: কোনো সু- ফল লাভ কৰা নাই ৰাইজে।চৰকাৰ – প্ৰশাসন তথা জন প্ৰতিনিধিয়ে অঞ্চলটোৰ সমস্যাক সদায় আওকাণ কৰা বুলি দাবী কৰিছে ৰাইজে । এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ নিৰ্লিপ্ততাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে । অনাগত দিনত এই জৰাজীৰ্ণ বাঁহৰ সাঁকো খনেৰে যাতায়ত কৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতে কোনো দুৰ্ঘটনাৰ সন্মুখীন হব লগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সংযোগী পথটোৰ নলাৰ ওপৰত শীঘ্ৰেই দলং নিৰ্মাণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত দত্তক দাবী জনাইছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close