Uncategorizedঅসম

গোলাঘাট জিলাৰ পাভজান চাহ বাগিচাত জৈৱিক চাহ সমাৰোহ

গোলাঘাট জিলাৰ পাভজান চাহ বাগিচাত জৈৱিক চাহ সমাৰোহ

দুৰ্নীতিৰ দৰ্পণ, গোলাঘাট সেৱা, ২ মাৰ্চ : কালি গোলাঘাট জিলাৰ বৰপথাৰ পাভজান চাহ বাগিচাত বাগিচাৰ স্বত্বাধিকাৰী ৰাখী দত্ত শইকীয়া আৰু অৰিণ টি প্ৰাইভেট লিমিটেডৰ সঞ্চালক নেপুল শইকীয়াৰ উদ্যোগত এখনি ‘ অসমীয়া চাহ সমাৰোহ ‘ অনুষ্ঠিত হৈ যায় ।অসমৰ জৈৱিক চাহ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক প্ৰচেষ্টাৰে আয়োজন কৰা এই সভাত ৰাখী দত্ত শইকীয়াই কয় যে- অসমৰ চাহ সমগ্ৰ পৃথিৱীত ইতিমধ্যে বিয়পি পৰিছে আৰু সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে । যদি আমি এই চাহক আৰু উন্নত পদ্ধতিৰে আমাৰ শৰীৰৰ উপযোগী কৰি উৎপাদন কৰিবলৈ চেষ্টা কৰো তেনেহ’লে অসমৰ চাহখেতিয়ে সমাদৰ বুটলাই নহয় আৰ্থিকভাৱেও সবল হ’ব পাৰিব বুলি তেখেতে কয়। তেখেতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক জৈৱিক চাহ উৎপাদনৰ বাবে আহ্বান জনাই মন্তব্য আগবঢ়াই । তেখেতে বৰ্তমান জৈৱিকভাৱে গ্ৰিণ টি, অলং টি, হোৱাইট টি, ইয়েল’ টি আৰু নানা ফুলৰ সুগন্ধিৰে চাহ উৎপাদন কৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাহিৰৰ কেবাখনো দেশলৈ এই চাহ পঠিয়াবলৈ সক্ষম হৈছে । সমাৰোহ স্থলীত অৰ্থাৎ পাভজান চাহ বাগিচাতে ‘ অৰিণ টি লঞ্জ’ নামেৰে এখনি অত্যাধুনিক স্থায়ী বিপনী মুকলি কৰা হয় , অন্যহাতে পৰ্যটকৰ অন্তৰ্ভুক্তিকৰণৰ উদ্দেশ্য আগত ৰাখি উন্মোচন কৰা হয় এটি ‘ পৰ্য্যটন নিবাস ‘ । গোলাঘাটৰ উদ্যোগী মহিলা , প্ৰকৃতিপ্ৰেমী ৰাখী দত্ত শইকীয়াই দ্বিতীয় বাৰলৈ অনুষ্ঠিত কৰা এই চাহ সমাৰোহৰ সভাত জৈৱিক চাহ উৎপাদনৰ বাবে আগ্ৰহী যুৱক-যুৱতীক কম সময়ৰ বাবে বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ দিবলৈ লোৱা এক পদক্ষেপৰ কথা উল্লেখ কৰে । অসমৰ বিভিন্ন ঠাইৰ অতিথি সকলৰ লগতে সভাত উপস্থিত থাকে অৰিণ টি প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা উত্তৰ- পূৱ টি পৰিষদৰ সভাপতি নেপুল শইকীয়া, ভাৰতীয় চাহ পৰিষদৰ প্ৰাক্তন উপ সঞ্চালক বিদ্যানন্দ বৰকাকতী, বিশিষ্ট সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা, ৰাধিকা বল্লভ গোস্বামী, ড• লুকুমণি গোস্বামী, প্ৰখ্যাত দুৱৰা, ৰঞ্জিত দত্ত, লুহিত কোঁৱৰ, মদন টাপৰিয়া, সুনীল জালান লাৱণ্য শইকীয়া আদি।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close