Uncategorizedঅসম

গৌৰীপুৰত অসম মিঞা (অসমীয়া) যুৱ পৰিষদৰ সংবাদ মেল , গৌতম কনষ্ট্ৰাকচনৰ ঘাইপথ মেৰামতি কাম কাজৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

গৌৰীপুৰত অসম মিঞা (অসমীয়া) যুৱ পৰিষদৰ সংবাদ মেল , গৌতম কনষ্ট্ৰাকচনৰ ঘাইপথ মেৰামতি কাম কাজৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

দুৰ্ণীতিৰ দৰ্পণ সেৱা , ৭ অক্টোবৰ, পাণবাৰী: ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীয়ে বিধায়ক হোৱাৰ পিছত তেওঁৰ ভাতৃ গৌতম কনাষ্ট্ৰাকচনৰ নামত পৰোক্ষভাবে ঠিকাৰকাম কৰি ব্যাগম অনিয়ম সংঘটিত কৰা বুলি অসম মিঞা (অসমীয়া) যুৱ পৰিষদে সংবাদ মেল যোগে অভিযোগ প্ৰকাশ কৰে ৷ আজি গৌৰীপুৰ বেপাৰীপট্টীস্থিত মিঞা পৰিষদৰ কাৰ্যালয়ত ধুবুৰী জিলা মিঞা যুৱ পৰিষদে আয়োজিত সংবাদ মেলত কেন্দ্ৰীয় মিঞা যুৱ পৰিষদৰ সভাপতি আব্দুছ ছালাম মোল্যা আৰু মিঞা পৰিষদৰ ধুবুৰী জিলা সভাপতি মতলেব চৌধৰীয়ে অশোক সিংহীৰ ছত্ৰ ছায়াত চাপৰৰ পৰা গৌৰীপুৰলৈ বৃহৎ অংকৰ ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা ৩১ (নতুন ১৭) নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কামত ভৱাবহ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ আনহাতে , এনে অনিয়মৰ বিৰুদ্ধে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ,ধুবুৰী জিলা উপায়ুক্ত,আৰু পৰ্বতঝোৰা মহকুমাধিপতিক মাক্ৰিঝোৰা এলেকাৰ ঘাইপথত সংঘটিত ব্যাগম কেলেংকাৰীৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ফলপ্ৰসূ নোহোৱা বুলি এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে , অতি সোনকালে কামৰ তদন্ত নহ’লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষক সকিয়াই দিয়ে ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close