Uncategorized

চছিয়েল মিডিয়া আৰু যুৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱ

চছিয়েল মিডিয়া আৰু যুৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱ

ইলা ডেকা , ৰঙিয়া(ডিমু)৭৮১৩৮২

বৰ্তমান সময়ত প্ৰায় সকলো মানুহে চছিয়েল মিডিয়াৰ লগত জড়িত ৷ চছিয়েল মিডিয়া হৈছে এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি অতি সহজতে এখন দেশৰ লগত আন এখন দেশৰ যোগাযোগ কৰিব পাৰোঁ আৰু সেই দেশৰ বিভিন্ন মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰোঁ ৷ বৰ্তমান সময়ত সমাজখন বিজ্ঞান প্ৰযুক্তিৰ ওপৰতেই নিৰ্ভৰশীল ৷ সেইবাবে প্ৰতিজন মানুহেই চছিয়েল মিডিয়াৰ যোগেদিয়ে নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰে ৷ যুগৰ পৰিবৰ্তনৰ লগে লগে বিজ্ঞানৰ ন ন আৱিষ্কাৰে মানৱ জাতিক বহুত ক্ষেত্ৰতে এক আমুল পৰিবৰ্তন ঘটাইছে ৷ গতিকে , এইয়া বিজ্ঞানৰ এক আশীৰ্বাদ বুলিয়ে কব লাগিব ৷ কিয়নো , বিজ্ঞানৰ এই ন ন সৃষ্টিয়ে আমাৰ বহুত সময় ৰাহি কৰিছে আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰটো যথেষ্ট সহায় কৰিছে ৷ কিন্তু আন এটা দিশৰ পৰা চালে বিজ্ঞানৰ এনে আশীৰ্বাদ বহুত ক্ষেত্ৰত অভিশাপলৈ ৰূপান্তৰিত হৈছে, কাৰণ দেশৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ অহা বিশেষকৈ যুৱ প্ৰজন্মই জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনিতেই ইলেকট্ৰিক মাধ্যম সমূহৰ লগত অধিক সময় ব্যস্ত হৈ সময়ৰ অপব্যৱহাৰ কৰিছে ৷ যাৰ ফলত সমাজখনত বিশৃংখলতাৰ সৃষ্টি হৈছে ৷ বহুত সময়ত যুৱক যুৱতীয়ে জীৱনৰ মূল্যবোধ তথা গভীৰতাৰ কথা চিন্তা নকৰি খন্তেকীয়া লাহ বিলাসত সময় নষ্ট কৰিবলৈ লৈছে ৷ তেওঁলোকৰ জীৱন সম্পৰ্কে কোনো উপলব্ধি নাই মাত্ৰ ৰংচঙীয়া সপোনবোৰৰ মাজতে ব্যস্ত,য’ত কোনো উজ্জ্বল ভৱিষ্যত গঢ়াৰ সপোন নাই ৷ জীৱন তথা সমাজ সম্পৰ্কে সম্যক জ্ঞান নথকাৰ কাৰণতো হৈছে গ্ৰন্থ অধ্যায়নৰ প্ৰতি চুড়ান্ত অৱহেলা ৷ গ্ৰন্থ অধ্যায়ন নকৰাৰ বাবেই আজিৰ প্ৰজন্মই গভীৰ জ্ঞান পোৱাৰ বিপৰীতে পাইছে উপৰুৱা জ্ঞান ৷ যি জ্ঞান দুদিনতে নোহোৱা হৈ একো একোটা উজ্জ্বল ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিয়ে ৷ ভাৰতবৰ্ষত বিশেষকৈ ১৫–২৫ বছৰ বয়সৰ লৰা ছোৱালীয়ে ইলেকট্ৰিক সামগ্ৰী সমূহৰ ভিতৰত ম’বাইল ফোন বহুলভাৱে ব্যৱহাৰ কৰা দেখা গৈছে ৷ যাৰ ফলত তেওঁলোকৰ শিক্ষা দীক্ষাত যথেষ্ট ক্ষতি হৈছে আৰু আচাৰ ব্যৱহাৰৰো বহুত সলনি হোৱা দেখা গৈছে ৷ প্ৰতিটো বস্তুৰে ভাল বেয়া দুয়োটা দিশে আছে ৷ হয়তো চছিয়েল মিডিয়াৰ ব্যৱহাৰে সমাজখনৰ চিন্তাধাৰাত বহুত পৰিৱৰ্তন আনিছে সঁচা , কিন্তু ইয়াৰ ব্যৱহাৰৰ ফলত নতুন প্ৰজন্মক বহুত ক্ষতিসাধন কৰিছে ৷ চছিয়েল মিডিয়াৰ যোগেদি
আমি অতি সহজতে নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ , নিজৰ বক্তব্য এটা ৰখাত ইয়াত কোনো ধৰাবন্ধা নিয়ম নাথাকে ৷ ইয়াৰ যোগেদি আমি আগতীয়াকৈ যিকোনো খা খৱৰ পোৱাত সুবিধা হয় ৷ ৰাজনীতি অৰ্থনীতি সামাজিক সকলো দিশৰে জ্ঞান আমি কম বেছি পৰিমাণে আহৰণ কৰিব পাৰোঁ ৷ ইয়াৰ যোগেদি এখন দেশৰ লগত আন এখন দেশৰ অতি সহজতে যোগাযোগ কৰিব পাৰোঁ ৷ গাওঁ নগৰ চহৰ সকলো অঞ্চলতে চছিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিব পাৰি বাবে বৰ্তমান সময়ত গাওঁৰ কোনো মানুহে পিচপৰি থকা নাই ৷ সিহঁতেও কম বেছি পৰিমাণে এই মাধ্যমৰ যোগেদি জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ যোগেদি আমি অতি কম সময়তে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ আৰু নিজৰ প্ৰতিভা সমূহ বিকাশ কৰিব প্ৰতিটো বস্তুৰে ভাল দিশ বেয়া দিশ থাকে ৷ গতিকে , চছিয়েল মিডিয়াৰ যেনেদৰে ভাল দিশ আছে , ঠিক তেনেকৈ বেয়া দিশো আছে ৷ ফেচবুক ,ইন্ট্ৰাগ্ৰাম,টুইটাৰ ,হাইক ইত্যাদিবোৰ অতি সহজতে উপলব্ধ হোৱা বাবে সমাজখনৰ উন্নতি হোৱাৰ লগতে বেয়া প্ৰভাৱো পৰিছে ৷ উৰা বাতৰি,অপপ্ৰচাৰ ,শালীলতা নোহোৱা মন্তব্যৰ বাবে সমাজখনত বহুত বেয়া প্ৰভাৱ পেলাইছে আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে ৷ সৰু সৰু লৰা ছোৱালীবোৰে অনৱৰতে ফেচবুক হোৱাটচআপতে লাগি থাকি সময়বোৰৰ অপব্যৱহাৰ কৰিছে , যাৰ ফলত তেওঁলোকৰ পঢ়া জীৱনত বহুত বেয়া প্ৰভাৱ পেলাইছে ৷ অতি কম সময়তে বন্ধুত্ব স্থাপন কৰি নৱপ্ৰজন্মৰ লগতে প্ৰায় সকলো মানুহ অসামাজিক কিছুমান কামত লিপ্ত হৈ পৰিছে ৷ যেনে- যৌনতা মূলক কাৰ্য্য,অশ্লীল ফটো চেয়াৰ কৰি যুৱক যুৱতীয়ে নিজৰ লগতে সমাজখনৰ ক্ষতি সাধন কৰিছে ৷ সৰু সৰু কথা এটাকে ডাঙৰ কৰি চছিয়েল মিডিয়াত আপলোড কৰাৰ বাবে সমাজখনত বিশৃংখলতাৰ সৃষ্টি হৈ পৰাও দেখা গৈছে ৷ ইয়াৰ ব্যৱহাৰে সকলো মানুহৰে কিতাপৰ প্ৰতি আগ্ৰহ কমাই আনিছে ৷ কাৰণ চছিয়েল মিডিয়াত আপোনাক যি লাগে অতি কম সময়ৰ ভিতৰতে পাব পৰা যায় যিহেতুকে ৷ তাৰ ফলত কিতাপৰ মূল্য লাহে লাহে কমি অাহিছে ৷ চছিয়েল মিডিয়াৰ প্ৰভাৱত মানুহৰ শৰীৰতো বহুত বেয়াকৈ প্ৰভাৱ পৰিছে ৷ টোপনি ক্ষতি কৰি দিন ৰাতি মোৱাইল ব্যৱহাৰ কৰাৰ দেহৰ যথেষ্ট অৱনতি ঘটাও দেখা গৈছে ৷ চকুৰ অসুখ ,শাৰীৰিক দুৰ্বলতা,হজম নোহোৱা ইত্যাদি সমস্যাও দেখা দিয়া বুলিও বিভিন্নজন বিশেষজ্ঞই মত পোষন কৰিছে ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে মানৱ জীৱনৰো পৰিবৰ্তন ঘটিছে,কিন্তু আমি কোনো এটা বস্তুৰ ভাল দিশটো গ্ৰহণ কৰি তাক উচিত ব্যৱহাৰ কৰিলেহে মানৱ জাতিয়ে নিজকে জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পাৰিম ৷ যুৱ প্ৰজন্মই ইলেক্ট্ৰনিক সামগ্ৰী সমূহ আকোঁৱালি লৈছে , সেয়া ভুল কেতিয়াও নহয় ৷ কিন্তু তাৰ উচিত ব্যৱহাৰক পাহৰি নিজকে তাৰ মাজত বিলীন কৰি দিয়াটোহে ভুল কথা ৷ যিমান সময় তেওঁলোকে ম’বাইল তাৰ আধা সময়ো যদি গ্ৰন্থ অধ্যায়নত পাৰ কৰে , তেতিয়াহলে তেওঁলোকে জীৱনৰ ভাল বেয়া সকলো দিশ সম্পৰ্ক উচিত জ্ঞান পাব ৷ তাৰ বাবে পিতৃ মাতৃও কিছু পৰিমাণে সচেতন হোৱা ভাল ৷ সৰুৰে পৰা লৰা ছোৱালীক কিতাপৰ শিক্ষাৰ লগতে নৈতিক শিক্ষা দিয়াটো জৰুৰী ৷ নহলে চামে চামে আগবাঢ়ি অহা যুৱ প্ৰজন্মই নৈতিক , সামাজিক মূল্যবোধৰ বিপৰীতে কেৱল উচ্ছৃঙ্খলতাৰে ভৰা জ্ঞানহে পাব ৷ য’ত মায়া মমতা,মনুষ্যত্বৰ কোনো স্থান নাথাকিব,ভাল বেয়াৰ কোনো পাৰ্থক্য নেদেখিব ৷ গতিকে , এই যুৱ চামক শুদ্ধ পথ দেখুৱাই আগবাঢ়ি নিয়াত সকলোৰ এক দায়িত্ব আছে ৷ নহলে এটা সময়ত সকলো এটা এটা যন্ত্ৰলৈ ৰূপান্তৰিত হ’ব আৰু সমাজখন ধ্বংস হ’ব ৷ সেইবাবে সময় থাকোতে আমি প্ৰতিজন মানুহ সজাগ হৈ আগবাঢ়ি যোৱাতো উচিত ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close