Uncategorized

চন্দ্ৰপুৰৰ পাণবাৰীত মালবাহী ৰে’ল দুৰ্ঘটনা

চন্দ্ৰপুৰৰ পাণবাৰীত মালবাহী ৰে’ল দুৰ্ঘটনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , নিউজ ডেক্স ,২৫ আগষ্ট:- চন্দ্ৰপুৰৰ পানবাৰীত মালবাহী ৰেলৰ দুৰ্ঘটনা । লামডিঙৰ পৰা গুৱাহাটী অভিমুখী ৰেলখনৰ ১৫ টা ডবা বাগৰি পৰে ৷ ইয়াৰ ফলত গুৱাহাটীৰ লগত উজনিৰ ৰেলসেৱা ব্যাহত হৈছে । চন্দ্ৰপুৰৰ পাণবাৰীত মালবাহী ৰে’ল দুৰ্ঘটনাৰ বাবে ( ১ ) যোৰহাট টাউন-গুৱাহাটী জনশতাব্দী এক্সপ্ৰেছ বাতিল কৰা হৈছে । (২ ) গুৱাহাটী-মৰিয়নী এক্সপ্ৰেছ ৩) গুৱাহাটী-ডিমাপুৰ বিজি এক্সপ্ৰেছ । (৪) হয়বৰগাঁও-গুৱাহাটী পেচেঞ্জাৰ । (৫) শিলঘাট-গুৱাহাট পেচেঞ্জাৰ । (৬) লামডিং-আলিপুৰদুৱাৰ ইণ্টাৰচিটি আদি ৰে’লৰ ইতিমধ্যে যাতায়াত বাতিল কৰা হৈছে আৰু কাইলৈ যাত্ৰা বাতিল হ’ব — (১) ডিমাপুৰ-গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ । (২) লামডিঙৰ পৰা উভতিব শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰে’ল ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close