Uncategorized

চাপৰৰ ৰত্নপিঠ মহাবিদ্যালয়ৰ ৪০ বছৰীয়া পৰিক্ৰমা উৎসৱ

চাপৰৰ ৰত্নপিঠ মহাবিদ্যালয়ৰ ৪০ বছৰীয়া পৰিক্ৰমা উৎসৱ

দুৰ্নীতিৰ দৰ্পণ সেৱা, চাপৰৰ পৰা গকুল শিকদাৰ, ১ ছেপ্তেম্বৰ : শনিবাৰে ধুবুৰী জিলাৰ চাপৰৰ ৰত্নপিঠ মহাবিদ্যালয়ৰ ৪০ বছৰীয়া পৰিক্ৰমাত বৰ্ণিল কাৰ্যসূচীৰে মুখৰিত হয় চৌদিশে । জননেতা শৰত চন্দ্ৰ সিংহৰ কৃতিত্বৰে ৰত্নপিঠ মহাবিদ্যালয়ৰ ৪০ বছৰীয়া লগত সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীৰ লগতে চাপৰৰ বিস্তীর্ণ অঞ্চলৰ ৰাইজৰো অংশ গ্ৰহণ কৰে । শনিবাৰে মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীৰ সমাগম হয় । শোভাযাত্ৰাত চাপৰৰ বিস্তীর্ণ অঞ্চলৰ ৰাইজেও অংশ গ্ৰহণ কৰে । শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে ধুবুৰীৰ আৰক্ষী অধীক্ষক লংলিত টেৰাঙে । এই উপলক্ষে ৰত্নপিঠ মহাবিদ্যালয়ত প্ৰশাসনৰ বৰমূৰীয়া ও উপস্তিত হয় । চাপৰৰ বিস্তীর্ণ অঞ্চলৰ শিক্ষা সমাজলৈ বিশেষ অৱদান আগবঢ়াই আহিছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close