Uncategorized

জম্মু কাশ্মীৰত শ্বহীদ তামুলপুৰৰ চি আৰ পি এফ জোৱান মণেশ্বৰ বসুমতাৰী — সৰ্বত্ৰ শোকাকুল পৰিবেশ — কাইলৈ আহি পাব মৃতদেহ

জম্মু কাশ্মীৰত শ্বহীদ তামুলপুৰৰ চি আৰ পি এফ জোৱান মণেশ্বৰ বসুমতাৰী — সৰ্বত্ৰ শোকাকুল পৰিবেশ — কাইলৈ আহি পাব মৃতদেহ
——————————————————

দুৰ্নীতি দৰ্পনৰ সেৱা, নিউজ ব্যুৰ বাক্সা ১৫ ফেব্ৰুৱাৰী :
———————————————————-

জম্মু কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইএমৰ ভয়ংকৰ আত্মঘাতী আক্ৰমণত নিহত ৪৪ গৰাকী চি আৰ পি এফ জোৱানৰ ভিতৰত এজন তামুলপুৰৰ মণেশ্বৰ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । শ্বহীদ মণেশ্বৰ বসুমতাৰীৰ ঘৰ তামুলপুৰৰ কলবাৰীত । উল্লেখযোগ্য যে কলবাৰী গাঁও নিবাসী প্ৰয়াত দানিৰাম বসুমতাৰী আৰু প্ৰয়াত বাসন্তী বসুমতাৰীৰ সুযোগ্য সন্তান মনেশ্বৰ বসুমতাৰী ( ৪৮ ) য়ে ১৯৯৪ চনত চি আৰ পি এফত যোগদান কৰে । তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চি আৰ পি এফত যোগদান কৰে সৰুৰে পৰাই দেশ মাতৃৰ সেৱাৰ মনোভাব মনত পোষণ কৰা মণেশ্বৰ বসুমতাৰী । সুদীৰ্ঘ ২৬ বছৰে দেশ সেৱাত ব্ৰতী হৈ থকা মণেশ্বৰে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হোৱা খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজ । মণেশ্বৰৰ এই দুসংবাদ লাভ কৰাৰ লগে লগে কলবাৰীস্থিত তেওঁৰ বাসগৃহত অগণন ৰাইজৰ সমাবেশ ঘটে । শোকত ভাগি পৰে মণেশ্বৰৰ পত্নী চানমুঠি বসুমতাৰী আৰু দুই কন্যা – পুত্ৰ সন্তান ক্ৰমে দিদামশ্ৰী বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী । ঘৰখনত বিৰাজ কৰে এক শোকাকুল পৰিবেশ । কান্দি কান্দি সংবাদ মাধ্যমৰ আগত বহু কথাই কয় তেওঁৰ পত্নী আৰু দুই সন্তানে । নিজৰ স্বামী আৰু পিতৃৰ মৃত্যুৰ বাতৰি সহজভাৱে মানি লব পৰা নাই দুই সন্তান আৰু পত্নীয়ে ।

# অসম চৰকাৰ , চি আৰ পি এফ বাহিনীৰ উচ্চ পদস্থ বিষয়া , দল সংগঠনৰ সমবেদনা
———————————————————

মণেশ্বৰ বসুমতাৰীৰ মৃত্যুৰ বাতৰি পাই আজি পুৱাই চি আৰ পি এফ বাহিনীৰ উচ্চ পদস্থ বিষয়া আহি তেওঁৰ বাসগৃহত উপস্থিত হয় । অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতা , ৰাজ্যিক বি জে পিৰ সভাপতি ৰঞ্জিত দাস , বাগসা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগু , আৰক্ষী অধীক্ষক প্ৰতীক থুৱে , তামুলপুৰৰ বিধায়ক তথা বি পি এফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰী আদিকে ধৰি কেইবাজনেও মণেশ্বৰৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

# কাইলৈ ( ১৬ ফেব্ৰুৱাৰী ) আহি পাব মৃতদেহ —
——————————————————
জানিব পৰা মতে কাইলৈ দিনৰ ভাগত মণেশ্বৰৰ মৃতদেহ আহি তামুলপুৰৰ কলবাৰী পাব । ইতিমধ্যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে মণেশ্বৰৰ শেষ কৃত্য সম্পন্ন কৰিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইপিনে তেওঁৰ বাসগৃহৰ ওচৰতে শেষ কৃত্য সম্পন্ন কৰাৰ বাবে চি আৰ পি এফ বাহিনীয়ে গাঁওবাসীৰ সহযোগত প্ৰস্তুতি চলাই আছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close