Uncategorized

লোকসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে টেঙাগুৰিত সজাগতা সভা

লোকসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে টেঙাগুৰিত সজাগতা সভা

দুৰ্নীতিৰ দৰ্পন সেৱা ,লাহৰীঘাট , শ্বামিমুল ইছলাম ২২মেঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সময়ত যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি টেঙাগুৰি শান্তি সমিতিৰ উদ্যোগত আজি বিয়লি ৪ বজাত টেঙাগুৰি সমবায় সমিতি লিমিটেডৰ প্ৰাংগনত টেঙাগুৰি শান্তি সমিতিৰ সভাপতি জাবেদ আলী মৰলৰ সভাপতিত্বত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। উক্ত সজাগতা সভাত লাহৰীঘাটৰ চি আই মাৰুফ আশ্ৰফ হুছেইন আহমেদে সমাগত ৰাইজক সম্বোধন কৰি কয় যে লোকসভা নিৰ্বাচনৰ ফলাফলে যাতে আমাৰ মাজত কোনো ধৰণৰ উশৃংখল আৰু হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সকলোৱে সচেতন হবলৈ আহ্বান জনায়।যদি কোনো অপশক্তিয়ে ৰাইজৰ মাজত হিংসাত্মক ঘটনা সৃষ্টি কৰিব বিচাৰে তেন্তে লগে লগে আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়।লগতে ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছমিৰ কোঁৱৰে সকলোৰে মাজত ভ্ৰাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে যদি কৰবাত কিবা অপ্ৰীতিক পৰিৱেশৰ সৃষ্টি হয় তেন্তে আৰক্ষীৰ লগত যোগাযোগ কৰিলে যিকোনো মূহুৰ্ততে তেওলোকে সহায় কৰিব বুলি আশ্বাস দিয়ে।উক্ত সজাগতা সভাখনত আৰক্ষী বিষয়া সকলৰ উপৰিও টেঙাগুৰি শান্তি সমিতিৰ সাঃসম্পাদক কাইমুল ইছলাম,টেঙাগুৰি স্থানীয় সচেতন যুৱক মহিবুৰ ৰহমান,টেঙাগুৰি আঞ্চলিক আমছুৰ সভাপতি, সম্পাদকদ্বয়ৰ লগতে প্ৰায় দুই শতাধিক স্থানীয় ৰাইজ ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close