Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

ঢকুৱাখনাত জৰাজীৰ্ণ বাঁহৰ দলং 

ঢকুৱাখনাত জৰাজীৰ্ণ বাঁহৰ দলং

দুৰ্নীতিৰ দৰ্পণ , ঢকুৱাখনা পৰা জিন্টু কোঁচ , ২৪ মাৰ্চ : ঢকুৱাখনা, ঘিলামৰাৰ আৰু ঢকুৱাখনা মহকুমাৰ কাৰ্যালয়ৰ একমাত্ৰ চমু পথ আখৈফুতীয়া কঢ়া নদীৰ ওপৰত স্থিত বিপদসংকুল সম্ভাৱনাময় আমগুৰি ঘাটৰ এখন জৰাজীৰ্ণ বাঁহৰ দলং।।কোনদিনা মানুহৰ সৈতে নদীৰ তলত পৰিব ঠিক নাই।এফালে দলংখন কপি আছে আৰু আনফালে যিবোৰ বাঁহৰ খুটা ভাগি গৈছে এতিয়া স্কুল কলেজৰ ছাত্র ছাত্ৰী সকলেও অতি বিপদ সংকুল ভাবে যাতায়ত কৰিব লগীয়া হৈছে এনেকুৱা দলংখনৰ কাৰণে দূৰ দূৰণি মানুহ পুনৰ উভতি যোৱা দেখা গৈছে। পূৰ্বতে এজন বাইক আৰোহী দলং ভাঙি তলত পৰা নজিৰ আছে। শ শ আৰোহী আৰু বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে গমন কৰা দলংখন শীৰ্ঘে মেৰামতি কৰাৰ প্ৰয়োজন আছে। এই দলং খনৰ ওপৰে দৈনিক শ শ ৰাইজে পাৰ হৈ ঢকুৱাখনা যায় ।প্ৰায়ে এই দলং খনৰ ওপৰে ২০ খনৰ ও অধিক গাঁও বাসী যাতায়ত কৰে যেনে আখৈফুতীয়া ,ছাকুলি ,ৰূপহী , বলাহী ,কাঠনি, মেৰকাঠনি ফুকন গাঁও, দেৱলীয়া , তামুলী, বালিপুখুৰী, হাতীগৰ, সকপৰা বলাহী, কে ধৰি বহু কেইখন গাঁও ৰাইজ এই পথে অহা যোৱা কৰে । কিন্তু এতিয়া লৈকে ৰাইজে নাপালে কোনো উন্নয়ন মোখ এতিয়া খৰালি বাঁহৰ দলং ৰ ওপৰে যাতায়ত আৰু বাৰিষা হলে পানীয়ে উটুৱাই লৈ গলে তেতিয়া নাৱৰে পাৰ হব লগা হয়। এই দলং খনত বছৰি ৰাইজে ভৰিব লাগে পইচা যদি এজন মটৰ চাইকেল আৰোহী পাৰ হয় তেতিয়া ভৰিব লাগে ২০-৩০ টকা দৈনিক পইচা দি পাৰ হব লগা হয় ৰাইজ । এতিয়া অঞ্চল বাসীৰ সপোন তেওঁ লোকক লাগে এখন পকী দলং ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close