Uncategorizedঅসম

তামাৰহাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ সম্পন্ন

তামাৰহাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , নিউজ ব্যুৰো , তামাৰহাট ,২১ চেপ্তেম্বৰ : ৰাজ্যখনৰ নামঘৰ সত্ৰ সমুহত এক উখল-মাখল পৰিবেশৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম জন্ম জয়ন্তী মহোৎসৱ উদযাপন কৰা হয় । সমান্তৰাল ভাৱে ধুবুৰী জিলাৰ তামাৰহাট থানৰ অন্তৰ্গত হাতীধুৰাস্থিত ডিংডিঙা-শ্ৰীনগৰ সত্ৰতো যোৱা বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭০ তম জন্মজয়ন্তী মহোৎসৱ পালন কৰা হয় । প্ৰথম বাৰৰ বাবে এইখন অঞ্চলত ভাওনা প্ৰদৰ্শন । অনুষ্ঠানৰ কাৰ্যসূচী মতে , ৰাতিপুৱা, সত্ৰৰ কমিটিৰ সভাপতি নিৰ্মল চন্দ্ৰ ভকতৰ সভাপতিত্বত ধৰ্ম ধ্বজা উত্তোলন,ভাগৱত ভ্ৰমণ, শোভাযাত্ৰা, ,ভাগৱত পাঠ আৰু সন্ধিয়া তামাৰহাট থানাৰ আৰক্ষী বিষয়া দেৱৰাজ কলিতাৰ দ্বাৰা মঞ্চ মুকলি , অতিথি সকলোক সম্ভৰ্ধনা তাৰ পিছতে ভোৰতাল নৃত্য আৰু শকুনিৰ প্ৰতিশোধ নামৰ ভাওনা প্ৰদৰ্শন আদি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । উৎকট গৰমৰ মাজত বিভিন্ন অঞ্চলৰ পৰা অহা সহস্ৰাধিক ভক্তৰ আগমনৰ লগতে কেইবা হাজাৰ পুৰুষ মহিলা ৰাইজৰ উপস্থিতিত ভাওনা প্ৰদৰ্শনৰ মাজেৰে অনুষ্ঠান টোৰ সামৰণি পৰে । ভক্ত সকলে দি থৈ গ’ল পদধুলি যাৰ বাবে পবিত্ৰ হৈ ৰল সত্ৰ খন । উজনি তথা মধ্য অসমৰ পৰা তামাৰহাট অঞ্চলটোলৈ চাকৰি সূত্ৰে অহা টেট শিক্ষক সকলোৰ উদ্যোগত এই শকুনিৰ প্ৰতিশোধ নামৰ ভাওনা প্ৰদৰ্শনে মুগ্ধ হৈ পৰে অঞ্চলবাসী । সকলো জাতি ধর্মৰ স্থানীয় লোকৰ সহযোগিতাত এই ভাওনা প্ৰদৰ্শন কৰিবলৈ পাই আনন্দিত টেট শিক্ষক সকল । উল্লেক্ষ্য যে , এই ভাওনা উয্যাপন কমিটিৰ সম্পাদক আব্দুল ৰসিদ নামৰ এজন ইচলাম ধৰ্মৰ ব্যাক্তি হোৱাৰ পিছতো বহু কষ্ট কৰি হলেও গুৰুজনাৰ জন্মজয়ন্তীৰ উয্যাপন কৰাৰ বাবে আগবাঢ়ি আহি অসম খন যে এখন শংকৰ আজানৰ দেশ তাকে প্ৰমানীত কৰিব বিচৰাত অতিকৈ আনন্দিত ভাওনা প্ৰদৰ্শন কৰা শিক্ষক সকল তথা বৃহত্তৰ তামাৰহাট অঞ্চলবাসী । গুৰুজনাৰ আৱিৰ্ভাবৰ এই মহোৎসৱৰ জৰিয়তে উজনিৰ পৰা নামনীলৈ ভাষিক আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তাৰ লগতে হিন্দু মুছলমানৰ মাজত যে ভাতৃত্তৰ এনাজৰীৰে বান্ধখাইছে সেয়া নিশ্চিত । কাৰণ ভাওনা পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো ধৰ্মালম্বী লোকৰ সহায় সহযোগিতাই এয়াই প্ৰমাণ কৰিছে যে , এয়া শংকৰ আজানৰ দেশ ইয়াত কোনো ধৰণৰ সম্প্ৰদায়িকতাৰ স্থান নাই । স্মৰ্তব্য যে, অনাগত দিনত সত্ৰ খন সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান কৰে গুৰুজনাৰ জন্মজয়ন্তী উদযাপন সমিতিৰ সভাপতি বিমল ৰায় আৰু সম্পাদক আব্দুল ৰসিদ শ্বেখে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close