তামাৰহাটৰ হাতীধূৰাত দুজন তীৰখেলৰ বুকি আটক 

    0
    32

    তামাৰহাটৰ হাতীধূৰাত দুজন তীৰখেলৰ বুকি আটক 
    দুৰ্নীতিৰ দৰ্পণ সেৱা,তামাৰহাট,৭জুলাই:
    তামাৰহাটৰ হাতীধুৰাত ধুবুৰী উপ- আৰক্ষী অধীক্ষকৰ এটা অভিযান কাৰী দলে অভিযান চলাই দুজন তীৰ খেলৰ বুকি আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধ তীৰখেলত আৰ্থসামাজিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে তীৰ খেলে তীব্ৰ ৰূপ ধাৰন কৰিছে । ফলত শনিবাৰে আবেলি ধুবুৰী জিলা উপ- আৰক্ষী অধীক্ষকৰ এটা অভিযান কাৰী দলে অতৰ্কিতে অভিযান চলাই জিলাখনৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰা বজাৰত আলোম সেখ 44 আৰু দীপক ৰায় 28 নামৰ দুজন তীৰ খেলৰ বুকিক হাতে লোটে আটক কৰে । দুয়োৰে ওচৰত আপত্তি জনক নথি পত্ৰৰ লগতে কেইবা হাজাৰো টকা উদ্ধাৰ কৰে । আটকাধীন দুয়োকে তামাৰহাট থানাত জমা দিয়াৰ পাছত আজি ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here