Uncategorizedঅসমসাহিত্য

তামুলপুৰত কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ নৰেন্দ্ৰ মোডীৰ সবদললৈ প্ৰতিবাদী সমদল কেইবাজনো নেতাক আটক আৰক্ষীৰ

তামুলপুৰত কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ
নৰেন্দ্ৰ মোডীৰ সবদললৈ প্ৰতিবাদী সমদল
কেইবাজনো নেতাক আটক আৰক্ষীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , অভিজিৎ তালুকদাৰ তামুলপুৰ , ৯ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি য়ে তামুলপুৰত আজি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিৰ মুখ্যকাৰ্যালয়ৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি সবদেহ লৈ এক সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বান্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে। ইপিনে সমদলটো মেডিকেল চক পোৱাৰ লগে লগে তামুলপুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত কিছু সময় টনা-আজৰা হয় । পিছত তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলা কৃষক মুক্তিৰ সভাপতি নিলধৰ কলিতা, সাধাৰণ সম্পাদক থানেশ্বৰ কলিতা, সাংগঠনিক সম্পাদক ৰবীন ৰাভা, গান্ধীবাৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বুবুল ডেকা আদিকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি তামুলপুৰ থানালৈ লৈ যায় ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close