Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

তামুলপুৰত ডায়মণ্ড গ্ৰুপৰ মাতৃ দিৱস পালন

তামুলপুৰত ডায়মণ্ড গ্ৰুপৰ মাতৃ দিৱস পালন

‌দুৰ্নীতিৰ দৰ্পন সেৱা, অভিজিৎ তালুকদাৰ, তামুলপুৰ , ১২ মে : ডায়মণ্ড গ্ৰুপ, ৰঙিয়াৰ উদ্যোগত আজি তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত আন্তৰ্জাতিক মাতৃ দিৱস পালন কৰা হয় । কবি দ্বিজেন কুমাৰ দাসে আঁত ধৰা সভা খনত ডায়মণ্ড গ্ৰুপৰ সম্পাদীকা হীৰামনি ডেকা মহন্তই অনুষ্ঠানত ৮ মে’ৰ মাতৃ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে গ্ৰুপৰ সভাপতি মাধৱ কুমাৰ নাথে । বক্তব্য প্ৰসঙ্গত তেঁঁও কয় – এগৰাকী মাতৃৰ প্ৰতি সন্তানৰ দায়িত্ব গভীৰ । নিজ সন্তানে এগৰাকী মাতৃ বা পিতৃক বৃদ্ধাশ্ৰমত ৰখাটো কোনো পধ্যেই সমাজৰ গ্ৰহনযোগ্য হব নোৱাৰে । অনুষ্ঠানত তামুলপুৰৰ সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ মহন্তই অংশ গ্ৰহন কৰি কয় – মাতৃৰ পৰা আমি জ্ঞান, শিক্ষা সকলো লাভ কৰিছো, সকলো ক্ষেত্ৰতেই মাতৃয়েই সহায় কৰে। মাতৃ অবিহনে মানুহৰ জীৱন সাৰ্থক নহয় । ধন ঐশ্বৰ্য, বিদ্যা ,জ্ঞানৰ অধিষ্ঠাত্ৰী মাতৃয়েই । বক্তব্য প্ৰসঙ্গত তেঁঁও কয় – সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব আছে । বিপথে গমন কৰা এগৰাকী যুৱকক সৎ পথলৈ ওভতাই অনাটো প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দায়িত্ব । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক বৈকুন্ঠ কলিতাই অংশ গ্ৰহন কৰি কয় – মাতৃৰ কথা কলেই হিয়া ভাগি যায় । মাতৃ অবিহনে সন্তানে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে । অনুষ্ঠানত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশ্বনাথ ভট্টাচাৰ্য ই কয় ” মাতৃ স্নেহে পুত্ৰক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু তল লৈও নমাব পাৰে । মাতৃ সদায় শ্ৰদ্ধাৰ পাত্ৰ হব লাগে। সভাত উপস্থিত থাকি আশা দৰ্শন তামুলপুৰৰ সমন্বয়ক বিজু বৰবৰুৱাই কয় প্ৰথমে নিজৰ ঘৰখন ঠিক কৰি লোৱা উচিত তাৰ পিচতহে সমাজৰ কথা আহি পৰিব । নিজৰ পিতৃ-মাতৃ ৰ কথা যিবোৰ সন্তানে নাভাবে সি মন্দিৰ মছজিদে দান দি একো ফল নাপায়। সাধু কথাৰ জৰিয়তে সন্তানক জ্ঞান দিব লাগে যদিও মাতৃসকলে এতিয়া মবাইলত ফেচবুক, হোৱাটচঅপত আপদেত দিয়াতে ব্যস্ত থাকে । অনুষ্ঠানত তামুলপুৰ অঞ্চলটোৰ আদৰ্শ ১০ গৰাকী মাতৃ কামিনী দাস, ৰোহিনী কলিতা, চিবগাৰী বড়ো, প্ৰতিভা কলিতা, ৰহিমা বিবি, কৌশিলা মহন্ত, সোনেশ্বৰী ৰাভা, ধনী হেমৰম আৰু চিৰো বালা কলিতা আৰু জয়ন্তী দাস বসুমতাৰীক মানপত্ৰ, চেলেং এখন পুথি আৰু এটাকৈ গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত ৰঙিয়া শিক্ষন -প্ৰশিক্ষন মহা বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ ফুকন মহন্ত, হিৰন্ময়ী দাস ৰ উপৰি তামুলপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আৰু শুভাকাঙ্খী উপস্থিত থাকে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close