Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

তামুলপুৰৰ সুৰপাৰা গাওঁত বিদ্যুৎ বিভাগৰ মৰণফান্দত আতংকিত ৰাইজ

তামুলপুৰৰ সুৰপাৰা গাওঁত বিদ্যুৎ বিভাগৰ মৰণফান্দত আতংকিত ৰাইজ

দুৰ্নীতিৰ দৰ্পন সেৱা, নিউজ ব্যুৰ , বাক্সা, ১৪ মে : বাক্সা জিলাৰ তামুলপুৰ বিদ্যুত সংমণ্ডলৰ অধীনস্থ সুৰমাৰী গাওত একাংশ দায়িত্বহীন বিষয়া কৰ্মচাৰীয়ে বাঁহৰ খুটাতেই বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰ টানি বিপদসংকুল ভাৱে ধৰিছে বিদ্যুতৰ যোগান।এনে কৰ্ম- কাণ্ডত জাঙুৰ খাই উঠিছে গঞা ৰাইজ। ৰাইজৰ অভিযোগ বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত পকী খুটাৰ পৰিবৰ্তে বাঁহৰ খুটা ব্যৱহাৰ কৰি অতি বিপদসংকুলভাবে বৃহত্তৰ এলেকাটোত ধৰি আহিছে বিদ্যুত যোগান। যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে গঞা ৰাইজ।বিগত পাঁচ বছৰ ধৰি বিদ্যুত সেৱা লাভ কৰি অহাৰ পিছতো গাওঁ খনৰ শতাধিক পৰিয়ালৰ ৰাইজে নিয়মিত বিদ্যুতৰ বিল পৰিশোধ কৰি আহিছে যদিও আজিলৈ দিয়া নাই পকী খুটা। উল্লেখ্য যে সুৰপাৰা গাৱৰ প্ৰতিটো পৰিয়াললৈ তেনেদৰে জীৱন্ত গছ আৰু বাহ,তামোলৰ খুটাৰে বিদ্যুত সেৱা যোগান ধৰাৰ ফলত এতিয়া আতংকত দিন কটাব লগীয়া হৈছে গাঁওবাসীৰ ৷ পথৰ কাষত ওলমি থকা বিদ্যুত পৰিবাহী তাৰে যিকোনো মূহুৰ্ততে ঘটাব পাৰে অঘটন ৷ ইতিমধ্যে গাঁওখনৰ ঠায়ে ঠায়ে পচা বাহৰ খুটা ভাঙি পৰাৰ ফলত বিদ্যুত স্পষ্ট হৈ কেইবাটাও পশু ধনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনে লোকৰ কথমপি প্ৰান ৰক্ষা পৰিছে ৷ ইপিনে অঞ্চলটোত প্ৰায়েই বন্য হস্তীৰ উপদ্ৰৱ চলাই থকাত হাতেৰে চুব পৰা উচ্চতাত ওলমি থকা বিদ্যুতৰ তাৰত লাগি বন্য হস্তীৰো মৃত্যু মুখত পৰাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে ৷ বছৰ বছৰ ধৰি তেনেদৰে বিপজ্জনক ভাৱে বিদ্যুত সেৱা লাভ কৰি অহা গাঁও বাসীয়ে নিয়মিত বিদ্যুতৰ মাচুল দি অহাৰ পিচতো নিয়মিত নহয় বিদ্যুত সেৱা ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰো শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এক বাধাৰ সৃষ্টি হৈছে। শক্তি বিভাগৰ এনে অদূৰদৰ্শী কাণ্ডৰ বাবে অতিষ্ঠিত হৈ পৰা স্থানীয় ৰাইজৰ দাবী অনুসৰি অঞ্চলটোত অতি শীঘ্ৰেই উন্নত বিদ্যুৎ যোগান ধৰি সুৰক্ষিত বিদ্যুত সেৱাৰ ব্যৱস্থা কৰি দিয়াৰ।লগতে, ৰাইজৰ অভিযোগ বাৰম্বাৰ অনুৰোধৰ পিচতো অঞ্চলটোত শক্তি বিভাগৰ এজনো বিষয়া কৰ্মচাৰী আজিলৈ উপস্থিত নহল ৷ ৰাইজৰ অভিযোগ বিভাগীয় ভাবে মিটাৰ ৰিডিং চাব নোযোৱাত প্ৰতিটো পৰিয়ালে ভৰি আহিছে ৩০০ ৰ পৰা ৫০০ টকাকৈ অধিক হাৰত বিদ্যুত মাচুল ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close