Uncategorizedসাহিত্য

তুমি সুখী হোৱা , আৰ্জু আহমেদ , নলবাৰী-ঘগ্ৰাপাৰ ।

তুমি সুখী হোৱা ,
আৰ্জু আহমেদ , নলবাৰী-ঘগ্ৰাপাৰ ।

মই সেই জন লৰা যিজনে ,
দুখ বোৰ সাবটি ৰাখোঁ ।
নিৰৱে বুকুৰ মাজত,
এটি দুই ওঠৰ হাঁহিৰে ।
তথাপিও জীপাল হবলৈ বিচাৰোঁ‌।
যিহেতু মই এজন সেউজ মনৰ মানুহ ।
তোমাৰ হৃদয়ৰ পৰা মৰমৰ সুবাস
পাম বুলিলেই আছিলোঁ হেপাঁহেৰে
নীলিম আকাশত চৰাই সৈতে উৰি।
কিন্তু নিদিলা কেতিয়াও সুখৰ আকাৰ ‌
আৰু অধিকাৰ নাই তোমাৰ‌‌।
মোক দিবলৈ দুখৰ সাগৰ ।
তোমাৰ অবিহনে থাকিম কুশলে।
মচিব নোৱাৰোঁ ।
তোমাৰ মোৰ স্মৃতি হেপাঁহৰ ,
অঁকা শৈশৱৰ ছবি ।
হৃদয়ৰ মাজত গোপনে ৰাখিছোঁ ।
চকুৰ পানী বোৰ টুকি ।
বিচাৰিছিলোঁ তোমাক আকাশৰ ,
দৌৰি ফুৰা ডাৱৰ বোৰৰ মাজত ,
আৰু আকাশত তৰাৰ মাজত
কিন্তু তুমি মোৰ পৰা আতৰি
থাকিলা আৰু আনোৰ হৃদয়ৰ ,
ঠিকনা বিচাৰি চতিয়াই দিলা
মৰমৰ বীজ ।
সেই বাবেই মই আহিলোঁ আতৰি
তুমি সুখী হোৱা বুলি‌।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close