Uncategorizedঅসম

তৈয়ীবুৰ ৰহমানৰ উত্তৰসূৰী নিৰ্বাচনঃ নদৱাতুত তামীৰৰ নতুন আমীৰে শ্বৰীয়ত হিচাপে মৌলানা ইউচুফ আলী নিৰ্বাচিত

তৈয়ীবুৰ ৰহমানৰ উত্তৰসূৰী নিৰ্বাচনঃ নদৱাতুত তামীৰৰ নতুন আমীৰে শ্বৰীয়ত হিচাপে মৌলানা ইউচুফ আলী নিৰ্বাচিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , মুখ্য সম্পাদক , জমিৰ উদ্দিন তালুকদাৰ, ডবকা ২১ মাৰ্চঃ অসমৰ ইছলাম ধৰ্মীয় সংগঠন নদৱাতুত তামীৰৰ তৃতীয় গৰাকী আমীৰে শ্বৰীয়ত ৰূপে নিৰ্বাচিত কৰা হৈছে দেউৰাইল টাইটেল মাদ্ৰাছাৰ শ্বেইখুল হাদীছ মৌলানা ইউচুফ আলীক ৷ আজি হাইলাকান্দি জিলাৰ আলাকুলিপাৰ মছজিদত অনুষ্ঠিত এক বৈঠকত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত সংগঠনটোৰ সাংগঠনিক বিধি মতে, একাধিক ব্যক্তি এই পদৰ দাবীদাৰ হোৱাত নিৰ্বাচন প্ৰক্ৰিয়াৰে নদৱাৰ পৰৱৰ্তী আমীৰ (মুৰব্বী) নিৰ্বাচন কৰা হয় ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে নদৱাৰ দ্বিতীয় গৰাকী আমীৰ মৌলানা তৈয়ীবুৰ ৰহমান বৰভূঞা চাহাবৰ ২৭ ফেব্ৰুৱাৰীত বাৰ্ধক্যজনিত কাৰণত মৃত্যুৰ পিছত এই পদটি খালি হৈ আছিল ৷ আজি অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত মৌলানা ইউচুফ আলীক এই পদৰ বাবে নিৰ্বাচিত হয় ৷ তেওঁ দেউৰাইল টাইটেল মাদ্রাছাৰ শ্বেইখুল হাদিছ পদত আসীন হোৱাৰ উপৰি উত্তৰ প্ৰদেশৰ নদৱাতুল উলামা লক্ষ্ণৌ, সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ তেওঁৰ নিৰ্বাচনত নদৱাতুত তামীৰৰ সৰ্বস্তৰৰ কৰ্মীসকলে সন্তুষ প্ৰকাশ কৰে ৷ ইউচুফ আলী চাহাব নদৱাতুত তামীৰৰ মুৰব্বী নিৰ্বাচিত হোৱাত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ হোজাই জিলা সমিতিৰ সভাপতি আব্দুল ছালাম মজুমদাৰ, ডবকাৰ সমাজকৰ্মী এনামুল কৰিম চৌধুৰী, ক্বাজী চামান আলী, মৌলানা আজিজুৰ ৰহমানে আদৰণি জনোৱাৰ লগতে নদৱাৰ এই সিদ্ধান্তৰ হোজাই জিলাৰ বিভিন্ন দল-সংগঠনে আদৰণি জনায় ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close