Uncategorizedঅসম

দঃশালমাৰাৰ চতলাৰপাৰত লুইতৰ গৰাখহনীয়া অব্যাহত

দঃশালমাৰাৰ চতলাৰপাৰত লুইতৰ গৰাখহনীয়া অব্যাহত

দুৰ্নীতিৰ দৰ্পণ সেৱা, মানকাচৰৰ পৰা ফাৰহাদ আহমেদ, 25 ছেপ্টেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বৃহত্তৰ চতলাৰপাৰ অঞ্চলত দীৰ্ঘ দিন ধৰি লুইতৰ গৰাখহনীয়া অব্যাহত হৈ থকাত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কোনো কাণ সাৰ নিদিয়াত অলপতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা উপদেষ্টা আনিচুৰ ৰহমানৰ নেতৃত্বত টুমনি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চতলাৰপাৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সাংসদ বদৰ উদ্দিন আজমল ,বিধায়ক ওৱাজেদ আলী চৌধুৰী, জলসম্পদ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছিল । কিন্তু জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ পৰা জনপ্ৰতিনিধিদ্বয়ে উক্ত অঞ্চলবাসীৰ জলন্ত সমস্যা সমুহ আশু সমাধানৰ সদিচ্ছা নাই বুলি অভিযোগ উত্থাপিত কৰিছে । উল্লেখ যে , দঃশালমাৰা মানকাচৰ জিলাৰ চতলাৰপাৰ , ফকিৰগঞ্জ , দঃশালমাৰা, পাটাকাটা, ছাইখোৱা, হাজীৰহাট আদিকে ধৰি বহুতো নৈপৰীয়া গাৱৰ শ শ পৰিয়ালৰ মাটি ভেটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু বহু কেইটাও চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান,হাট বজাৰৰ লগতে বহু কৃষি ভূমি ইতিমধ্য ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে । এই অঞ্চলৰ মানুহ বোৰে গৰাখহনীয়া কৱলত পৰি ভূমিহীন হৈ পাৰ্শ্ববতী মেঘালয়কে ধৰি বিভিন্ন অঞ্চলত আশ্ৰয় ল’ব লগা হৈছে । কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা হাতত নোলোৱাত বৃহত্তৰ অঞ্চল খন ভাৰতৰ মানচিত্ৰৰ পৰা বিলুপ্ত হৈ যোৱাৰ উপক্ৰম হৈছে । অঞ্চল খনৰ ভূমিহীন মানুহ বিলাকৰ কোনো ব্যৱস্থা চৰকাৰে লোৱা নাই ৷ অভিযোগ মতে , প্ৰতি বছৰে বাঁহেৰে লুইতক ভেটাৰ তথা খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকা শৰাধ কৰি আহিছে । বাঁহেৰে খহনীয়া প্ৰতিৰোধৰ সম্ভব নহয়। বিজ্ঞান সন্মত ভাবে বল্ডাৰ , জিও বেগেৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনায় ৷

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close