Uncategorized

দলগাঁৱৰ কোনাকাটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা পদত্যাগ সদস্য সদস্যাৰ

দলগাঁৱৰ কোনাকাটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা পদত্যাগ সদস্য সদস্যাৰ

দুৰ্নীতিৰ দৰ্পন সেৱা , দলগাওঁ ২২ মে : দৰঙৰ দলগাও শিয়ালমাৰী প্ৰাথমিক শিক্ষা খন্ড অন্তগৰ্ত কোনাকাটা পাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা সাত জনকৈ সদস্য সদস্যাই পদত্যাগ পত্ৰ দাখিল কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক হাতত । উল্লেখযোগ্য যে , বিদ্যালয়ৰ খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ৰাইজৰ দ্বাৰা নিৰ্বাচিত সদস্য সদস্যাক দীৰ্ঘদিন ধৰি অন্ধকাৰত ৰাখি নিজ ইচ্ছামতে কাম কাজ চলাই নিয়াত অতিষ্ঠ হৈ পৰিছিল সদস্য সদস্যা সকল । অবশেষত অতিষ্ঠ পৰিচালনা সমিতি সদস্য-সদস্যা ক্ৰমে খুৰশ্বিদা পাৰবীন ,ছফিকুল ইছলাম , মৰিয়ম খাতুন , আব্দুল আজিত , ৰহমত আলি , বাহাৰুল তালুকদাৰ আৰু মালেহা খাতুনে পদত্যাগ দাখিল কৰে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ পৰা । পৰিচালনা সমিতিৰ সাত জনকৈ সদস্য সদস্যাই এই সম্পৰ্কে এক লিখিত অভিযোগ দাখিল কৰে দলগাও শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close