সাহিত্য

*দেওবাৰ* ✍️ অঞ্জুমণি

*দেওবাৰ*
✍️ অঞ্জুমণি

ব্যস্ততাৰ তটিনীত বাঁহীটি হেৰাল
সপোনবোৰে লগায় খেলিমেলি,
কিয় বাৰু গলি উটি ভাঁহি
সময় নদীত ঢউ খেলি খেলি?

তোৰ বুকুতে আছিলোঁ ৰৈ
সুখৰ বাঁহীটি বজাম বুলি,
আলফুলে সাঁচিছিলোঁ সপোন
তথাপি তই গলি মোক এৰি থৈ
মনৰ যিমানবোৰ অংক
এতিয়া হল দেখোন জংক পংক
দেওবাৰৰ পূৱাৰ পৰা গধুলিলৈ !

সপোন প্ৰয়াসী মোৰ মন
প্ৰতীক্ষা যাৰ অন্তহীন
দিবিনে এসাগৰ সুখৰ সন্ধান ?
মুখৰিত কৰিবলৈ
হেপাঁহৰ বহল চোঁতালখন—!
× × × × × × × × ×

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close