Uncategorizedঅসম

দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি গঠন

দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও, ১৮ মাৰ্চ:-
দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনৰ সভাকক্ষত সমাজপ্ৰাণ অতুল গোস্বামীৰ সভাপতিত্বত হোৱা এখন সভাত ২০১৮ বৰ্ষৰ দেৰগাও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ হিচাপ দাখিল কৰা হয়৷ এই সভাতেই ঐতিহ্যমণ্ডিত দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ ২০১৯ বৰ্ষৰ উৎযাপন সমিতিখন সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয়৷ এই সমিতিৰ সভাপতি হিচাপে অজিত চন্দ্ৰ দত্ত, কাৰ্যকৰী সভাপতি অৰুণ চন্দ্ৰ দাস, উপ সভাপতি জগত সোনোৱাল, বন্তি আহমেদ, জ্যোতিপ্ৰসাদ খাউণ্ড, জিতুমনি বৰা, মৃনাল হাজৰিকা,সাধাৰণ সম্পাদক ৰিপুণ মহন্ত, যুটীয়া সম্পাদক ক্ৰমে অৰবিন্দ বৰা, কল্পজ্যোতি দত্ত, হিচাপ পৰীক্ষক বুবুল বৰা,শোভাযাত্ৰা সম্পাদক বিজয় হাজৰিকা, বটা প্ৰদাণ সমিতিৰ সভাপতি ৰূপে সাংস্কৃতিক কৰ্মী, সাহিত্যিক নুৰুল চুলতানক সভাপতি আৰু জিসান জংগম বৰাক সম্পাদক, কোষাধ্যক্ষ অপূৰ্ব শৰ্মা, স্মৃতিগ্ৰন্থ কেতেকী সম্পাদক হিচাপে ভাস্কৰজ্যোতি বৰদলৈ,আৰু সাংস্কৃতিক সম্পাদক হিচাপে দিগন্ত নাথক লৈ এখন উদযাপন সমিতি গঠন কৰা হয়৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close