Uncategorizedঅসম

দেৰগাঁও সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত “প্ৰজ্ঞাৱন্ত ডালিম চন্দ্ৰ পাঠক” গ্ৰন্থ উন্মোচন

দেৰগাঁও সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত
“প্ৰজ্ঞাৱন্ত ডালিম চন্দ্ৰ পাঠক” গ্ৰন্থ উন্মোচন

দুৰ্নীতিৰ দৰ্পন সেৱা; দেগাঁও,৭ এপ্ৰিলঃ দেৰগাঁও সাহিত্য সভাৰ উদ্যোগত কমল শৰ্মা সভাকক্ষৰ চন্দ্ৰ নাথ খাউণ্ড ভৱনত আজি বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী ডালিম চন্দ্ৰ পাঠকৰ জীৱন কৃতিৰ ওপৰত যুগুতোৱা এখনি গ্ৰন্থ উন্মোচন কৰা হয়।এই উপলক্ষে অনুষ্ঠিত সভাখনিৰ আৰম্ভনিতে ডালিম চন্দ্ৰ পাঠকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দেৰগাঁও সাহিত্য সভাৰ উপ সভাপতি প্ৰকাশ কন্দলীয়ে।ইয়াৰ পাছতে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত কুমাৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনিত শিক্ষাবিদ ডালিম চন্দ্ৰ পাঠকৰ জীৱন কৃতিৰ ওপৰত জ্যেষ্ঠ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকাৰ সম্পাদনাত দেৰগাঁও সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা প্ৰজ্ঞাৱন্ত ডালিম চন্দ্ৰ পাঠক নামৰ গ্ৰন্থ খনি উন্মোচন কৰে শংকৰী কলা সংস্কৃতিৰ গৱেষক ড০ ৰাতুল চন্দ্ৰ বৰাই।দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্তই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনিত গ্ৰন্থ খনিৰ সম্পাদনা সমিতিৰ সভাপতি ,সাহিত্যিক নুৰুল চুলতান,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পূন্যেশ্বৰ পূজাৰী, শিক্ষাবিদ ভোলা হাজৰিকা, দেৰগাঁও সাংবাদিক সন্থাৰ সম্পাদক বিচিত্ৰ ভূষণ কলিতা, প্ৰজ্ঞা সুন্দৰ হাজৰিকা আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ডালিম চন্দ্ৰ পাঠকৰ জীৱনীৰ ওপৰত আলোকপাত কৰে।শতাধিক লোকে অংশগ্ৰহন কৰা সভাখনিত ডালিম চন্দ্ৰ পাঠকৰ কনিষ্ঠ পুত্ৰ ৰূপম পাঠক সৰু বোৱাৰী অৰ্চনা বৰা পাঠক আৰু বৰ বোৱাৰী মামনি পাঠক উপস্থিত থাকে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close