Uncategorizedঅসম

দেৰগাঁৱত মাৰুতি ইক’ গাড়ীসহ জব্দ লক্ষাধিক টকা ভৰ্ত্তি এটিএম

দেৰগাঁৱত মাৰুতি ইক’ গাড়ীসহ জব্দ লক্ষাধিক টকা ভৰ্ত্তি এটিএম

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও ২ ডিচেম্বৰঃ
ৰাজ্যত অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে আৰক্ষীৰ তৎপৰতা সমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি পুৱা প্ৰায়ে ৪ বজাত দেৰগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এটা চুৰি এটিএম সহ এখন মাৰুতি ইকো গাড়ী। দেৰগাঁও আৰক্ষীয়ে জানিব দিয়া মতে ৰাতিপুৱা বালিজানত নিয়মীয়া তালাচী চলায় থাকোতে যোৰহাট পৰা গুৱাহাটী অভিমুখী এছ ১৪ এইচ ৬৪৩৩ নম্বৰৰ গাড়ীখনক এছ আই ৰনেছ ব্ৰহ্মই (শিক্ষাধীন) সন্দেহ বশতঃ ৰখাবলৈ সংকেত দিয়ে। কিন্তু অপৰাধী চক্ৰই আৰক্ষীৰ সংকেত নামানি দূৰন্ত গতিৰে ৰাষ্ট্ৰীয় ঘাইপথৰে পলাবলৈ চেষ্টা কৰে। ততালিকে গাড়ীখনৰ পিছে পিছে খেদি যায় তহলদাৰী আৰক্ষী দলে যদিওঁ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন এৰি পলাই যাৱলৈ সক্ষম হয় চাৰিজনীয়া দলটো। ততালিকে আৰক্ষীয়ে গাড়ীখন তালাচী চলাই এটা টকা ভৰ্ত্তি এটিএম উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীৰ প্ৰাথমিক তদন্তত গাড়ীখন নলবাৰীৰ চামচুল হকৰ নামত পঞ্জীয়নহৈ থকা বুলি জানিবলৈ দিয়ে আৰু এটিএমটো লক্ষাধিক টকা থকাৰ কথা ব্যক্ত কৰে যদিও এই সন্দৰ্ভত তথ্য যুগুতাই থকা বুলি জানিবলৈ দিয়ে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close