আলমগঞ্জ অষ্টম খণ্ড(হিল্চ)গাৱৰ কদৰ্যময় পথত বিঘ্নিত যাতায়ত যোগাযোগ

194

আলমগঞ্জ অষ্টম খণ্ড(হিল্চ)গাৱৰ কদৰ্যময় পথত বিঘ্নিত যাতায়ত যোগাযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ , ৭ চেপ্তেম্বৰ : গৌৰীপুৰ সমষ্টিৰ দেবিতোলা উন্নয়ন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত আলমগঞ্জ অষ্টম খণ্ড গাৱৰ ৰাইজে যোগাযোগ যাতায়তৰ ক্ষেত্ৰত ভুগিব লগা হৈছে যমৰ যাতনা । ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন কেচা পথছোৱায়ে দি প্ৰতি দিনে গধুৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক চলাচল কৰাৰ ফলশ্ৰুতিত এইদৰে বোকাময় হৈ পৰিছে পথ ছোৱা । যাত্ৰীয়ে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত চেণ্ডেল জোতা হাত লৈ অহা যোৱা কৰিব লগা হৈছে । অভিযোগ অনুসৰি,গাওখনৰ প্ৰভাৱশালী ব্যক্তিয়ে স্থাপন কৰা দুখনকৈ মৰাপাটৰ গুদামত প্ৰতিদিনে এইদৰে আমদানি ৰপ্তানি কৰিছে মৰাপাট । স্থানীয় ৰাইৰ অসুবিধাৰ প্ৰতি মন কাণ নিদিয়াকৈ গাওখনৰ কেইজন মান ব্যক্তিয়ে কেচা পথছোৱাৰ ওপৰেদি প্ৰতিদিনে অভাৰ লোৰ্ডিং ট্ৰাক চলাচল কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে । আনহাতে, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীয়ে বজাৰ ঘাটলৈ অহা যোৱাৰ ক্ষেত্ৰত ভুগিব লগা হৈছে যন্ত্ৰণা । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে , সেয়া হব লক্ষ্যনীয় বিষয় ।