বাৰ্ষিক আয় এক লাখ টকাৰ উৰ্ধত থকা ৰেচন কাৰ্ড সমূহ উভতাই দিয়াৰ আহবান বিলাসীপাৰা মহকুমাৰ প্ৰশাসনৰ   

147

বাৰ্ষিক আয় এক লাখ টকাৰ উৰ্ধত থকা ৰেচন কাৰ্ড সমূহ উভতাই দিয়াৰ আহবান বিলাসীপাৰা মহকুমাৰ প্ৰশাসনৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ধুবুৰী , ২১ আগষ্টঃ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে , বিলাসীপাৰা মহকুমা কৰ্তৃপক্ষই পুনৰবাৰ আহ্বান জনায় যে , যি সকল পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকাৰ উৰ্ধত আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত হৈছে , তেনেবোৰ পৰিয়ালক অনতি বিলম্বে উক্ত ৰেচন কাৰ্ড সমূহ সংশ্লিষ্ট সমবায় সমিতিৰ কাৰ্যালয়ত নতুবা বিলাসীপাৰা খাদ্য বিভাগৰ কাৰ্যালয়ত সমৰ্পন কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰী হিচাবে বাদ পৰা উপযুক্ত দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে মহকুমাধিপতিয়ে প্ৰেছ বিজ্ঞপ্তিযোগে অনুৰোধ জনাইছে । উল্লেখযোগ্য যে , অসম চৰকাৰ আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনে চৰকাৰী চাকৰিয়াল , পেঞ্চনপ্ৰাপ্ত পৰিয়াল , ব্যৱসায়ীৰ লগতে যি সমূহ পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকা বা তাৰ উৰ্ধত , তেনে পৰিয়ালক তেঁওলোকে প্ৰাপ্ত ৰেচন কাৰ্ড সমূহ স্ব-ইচ্ছাই সমৰ্পণ কৰিবলৈ সময়ে সময়ে ছপা আৰু বৈদ্যুতিক মাধ্যমত আহবান জনাই আহিছে । চৰকাৰৰ আহবানৰ প্ৰতি সঁহাৰি জনাই বৰ্তমানলৈকে মুঠ ৪৫ টা অনুপযুক্ত পৰিয়ালে বিলাসীপাৰা প্ৰশাসনৰ ওচৰত তেঁওলোকৰ ৰেচন কাৰ্ড সমূহ সমৰ্পণ কৰিছে । অনুপযুক্ত ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালৰ কাৰণে বিলাসীপাৰা মহকুমাত বহুতো উপযুক্ত দৰিদ্ৰ পৰিয়ালে উক্ত ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে । তাৰোপৰি ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিকোনো স্তৰত ৰাজ সাহাৰ্য্য যু্ক্ত সামগ্ৰীৰ লগতে খোলা বজাৰত উপলব্ধ অত্যাৱশ্যকীয় সামগ্ৰীৰ কলা ব্যৱসায় , দুৰ্নীতি ৰোধ কৰাৰ বাবে মহকুমা কৰ্তৃপক্ষই মহকুমাৰ ৰাজহ চক্ৰ ভিত্তিত কাৰ্যবাহী দণ্ডাধীশক মুখ্য কৰি খাদ্য ও যোগান বিভাগ , জোখ-মাপ বিভাগ আৰু আৰক্ষী বাহিনী লৈ তিনিখন এনফোৰ্চমেন্ট টীম গঠন কৰি দিছে। উক্ত এনফোৰ্চমেন্ট টীম এ ইতিমধ্যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ী আৰু অনিয়মৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই মাচপাৰা গাঁৱৰ পৰা চোৰাং কৈ মজুত ৰখা ৩৬০ লিডাৰ নীলা কেৰাচিন তেল জব্দ কৰে। ওপৰোক্ত টীমে দুৰ্নীতিগ্ৰস্ত , কলা ও অসত ব্যৱসায়ীৰ বিৰুদ্ধে সদা সতৰ্কতাৰে সষ্টম থাকিব লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু খোলা বজাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত ব্যক্তিগত মুনাফা লাভৰ বাবে কলা বজাৰ , কৃত্ৰিম নাটনি আৰু অবৈধ মজুতকৰণৰ বিৰুদ্ধে সংশ্লিষ্ট আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে। এই ক্ষেত্ৰত বিলাসীপাৰা মহকুমাৰ সমূহ সুধীগনক দুৰ্নীতি , অবৈধ ব্যৱসায় মুক্ত এখন সমাজ গঢ়িবলৈ মহকুমা কৰ্তৃপক্ষক সৰ্বোতো প্ৰকাৰে সহায় কৰিবলৈ বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিয়ে আহবান জনাইছে ।